August 16, 2025 8:26 PM August 16, 2025 8:26 PM

views 19

ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব

লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নে...

August 16, 2025 8:19 PM August 16, 2025 8:19 PM

views 8

ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱ

ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে। ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অ'পেন শর্ট ট্রেক স্পীড স্কেটিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত এছিয়াৰ ১১ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিব। ভাৰতৰ উপৰি চীন, জাপান, হংকং, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, চীনা টাইপে, ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপিনে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব।

August 16, 2025 6:38 PM August 16, 2025 6:38 PM

views 12

পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানক শলাগ

দক্ষিণ কোৰিয়াই এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী শ্ব' য়ানৰ শলাগ লৈছে। নতুন দিল্লীত আজি শ্ৰীয়ানৰ সৈতে হোৱা আলোচনাৰ আৰম্ভণিতে ড০ জয়শংকৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীক ওলগ জনায়। দুয়োগৰাকী বিদেশ মন্ত্ৰী মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, সুৰক্ষা, ব্যৱসায়, অর্থনীতি, যোগাযোগ আৰু জনসম্পর্ককে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

August 16, 2025 6:34 PM August 16, 2025 6:34 PM

views 7

দেশৰ বিভিন্ন অংশত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

দেশৰ বিভিন্ন অংশত আজি ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী জন্মাষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিক সকলোৰে কল্যাণৰ বাবে নিষ্ঠাবান হৈ সঠিক পথ অনুসৰি কিদৰে কৰ্তব্য সম্পাদন কৰিব পাৰি তাৰ সন্ধান দিছে। শ্ৰীমতী মুৰ্মুৱে লগতে ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সুদৃঢ়কৰণৰ বাবে কাম কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। প্...

August 16, 2025 6:26 PM August 16, 2025 6:26 PM

views 48

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ হোৱা বুলি অভিহিত কৰে। তেওঁ কয় যে বৈঠকত কেইবাটাও বিষয়ত ঐক্যমত্যত উপনীত হব পৰা গৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শ্ৰীট্টাম্পে শান্ত...

August 11, 2025 7:26 PM August 11, 2025 7:26 PM

views 8

৮৩ বছৰ বয়সত বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। গতিশীল সময়ৰ ৰায় মানি কাহানিও উভতি নহা বাটেৰে আজি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তই বিদায় মাগিছে। সাত দশকৰো অধিক কালজুৰি অসমীয়া গীতি সাহিত্য, অভিনয়, চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰলৈ বৰঙণি যোগাই অহা হেমন্ত দত্তৰ গীতসমূহে অগণন শ্ৰোতাৰ হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৯৪২ চনত দৰং জিলাৰ খাৰুপেটিয়াত জন্মলাভ কৰা হেমন্ত দত্তই...

August 11, 2025 7:21 PM August 11, 2025 7:21 PM

views 16

স্বাধীনতা দিৱসলৈ মাজত মাথো ৩ টা দিন বাকী

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্রস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব'ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বি...

August 11, 2025 12:35 PM August 11, 2025 12:35 PM

views 6

শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহত ভক্তিপ্ৰাণ ৰাইজৰ পূজা-অৰ্চনা

■ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহৰ লগতে হোজাই জিলাৰ শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ শিৱ মন্দিৰতো ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ পুৰোহিতগৰাকীয়ে আমাৰ হোজাই জিলাৰ সংবাদদাতাক জনোৱা মতে ১০০ বছৰ পুৰণি এই থানত সোমবাৰ উপলক্ষে আজি পুৱাৰেপৰা বহু দূৰ-দূৰণিৰ লোকে পূজা-অৰ্চনা আগবঢ়াবলৈ ভিৰ কৰিছে।

August 11, 2025 12:24 PM August 11, 2025 12:24 PM

views 7

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

■ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাখনো চলচ্চিত্ৰত অভিনয়, শতাধিক নাট আৰু পাঁচ শতাধিক গীত ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। ভ্ৰাম্যমানৰ বাবে ভালেমান নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক ২০১৮-১৯ বৰ্ষৰ ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটা আৰু ২০১৮ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল...

August 11, 2025 12:14 PM August 11, 2025 12:14 PM

views 10

গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাকীকৈ মুঠ ৩২ গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ১৮৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে।