October 1, 2025 9:16 PM

views 37

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শ্রদ্ধা জ্ঞাপন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন দিল্লীত আজি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীবিৰলাই কয়, যে অধ্যক্ষ হিচাপে বালাযোগীৰ কাৰ্য্যকাল অতি গুৰুত্বপূৰ্ণ। গণতান্ত্রিক মূল্যবোধৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়ৱদ্ধতা আজিও প্ৰেৰণাৰ উৎস বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। লোকসভাৰ সাধাৰণ সচিব উৎপল কুমাৰ সিঙকে ধৰি লোকসভা আৰু ৰাজ্যসভাৰ অন্যান্য ব্যক্তিসকলেও প্রাক্তন অধ্যক্ষগৰাকীক শ্রদ্ধা নিবেদন কৰে।

October 1, 2025 9:09 PM

views 31

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুর্গোৎসৱ হৈছে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুর্গা পূজাই জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটায় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ন্যায়, সমতা আৰু সমন্বয়ৰ ধাৰণাৰে দেশবাসীক একেলগে উন্নতিৰ দিশে অগ্ৰসৰ হবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়।

October 1, 2025 9:07 PM

views 37

শাৰদীয় দুর্গাপূজাৰ মহানৱমী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমী। মহানৱমী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে, যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সু- ভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ নৱম ৰূপৰ পূজা কৰাৰ লগতে আজিৰ দিনটোত কুমাৰী পূজাৰো আয়োজন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি...

October 1, 2025 9:04 PM

views 62

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ’ব

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ'ব। মধুপুৰ সত্ৰৰ লগতে উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুযায়ী প্রভাতী বন্দনাৰে কালিৰ দিনটো কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছত বিশেষ প্ৰসংগ, নাম আৰু ভাগৱত পাঠৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আবেলি বৈষ্ণৱ ভকত আৰু আইসকলৰ নাম পৰিৱেশন কৰা হ'ব। জন্মস্থান বৰদোৱাতো মহাপুৰুষজনাৰ জন্মোৎসৱ কাইলৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা...

October 1, 2025 9:00 PM

views 32

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা তথা মহাবিদ্যালয় পৰ্যায়ত যোগাসন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতামূলক বাটৰ নাট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা ...

October 1, 2025 7:12 PM

views 39

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

October 1, 2025 6:56 PM

views 64

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ

জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি আদালত বন্ধ থকা হেতুকে অভিযুক্ত দুজনক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয়। জনপ্রিয় শিল্পীগৰাকীৰ ছিংগাপুৰত আচহুৱা পৰিস্থিতিত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই...

September 26, 2025 12:47 PM

views 46

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাত ২১খন আসনত বি পি এফৰ অগ্রগতি লাভ

■ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। তামুলপুৰ জিলাৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ গৃহ সমষ্টি ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত ইউ পি পি এলে ৪ হাজাৰ ৫১২টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে ৩...

September 26, 2025 12:01 PM

views 35

আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

● বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লৈছে। প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আজি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়। ইপিনে, কাজিৰঙাৰ কঁহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী ১ নৱেম্...

September 25, 2025 9:56 PM

views 34

ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিঙে আজি নতুন দিল্লীৰ পৰা ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন ভার্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী শ্ৰী সিঙে কয়, যে ৫২ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পই ছিকিমৰ শিক্ষাৰ্থী, খেতিয়ক আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক এটা নতুন গতি দিব। তেওঁ লগতে কয়, যে শিক্ষাৰ্থীসকলে কেৱল শস্য উৎপাদনৰ কৌশলেই নহয়, ইয়াৰ প্ৰচেছিং, পেকেজিং, বজাৰ আৰু ৰপ্তানি সন্দৰ্ভতো গভীৰ জ্ঞান লাখ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,...