August 18, 2025 7:21 PM August 18, 2025 7:21 PM

views 3

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে নেছ’ৰ আহ্বানত প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা অর্থাৎ নেছ'ৰ আহ্বানত আজি ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেছ'ৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সদস্যসকলে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ, শুদ্ধ এন আৰ চি, অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবী তোলে। নেছ'ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বিদেশ...

August 18, 2025 7:03 PM August 18, 2025 7:03 PM

views 8

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিছে। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰ...

August 18, 2025 6:56 PM August 18, 2025 6:56 PM

views 9

বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ’ব: কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰী

কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয়, যে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ'ব। লোকসভাৰ প্ৰশ্নকালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী চৌধুৰীয়ে কয়, যে এই সন্দৰ্ভত সময়ে সময়ে বিদ্যালয় পৰিষদসমূহ, ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহক নির্দেশনা দিয়া হয়। শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ নিৰাপত্তা সন্দৰ্ভত শিক্ষা মন্ত্ৰ্যালয়ে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

August 18, 2025 4:23 PM August 18, 2025 4:23 PM

views 17

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...

August 17, 2025 8:26 PM August 17, 2025 8:26 PM

views 12

ডুৰাণ্ড কাপ ফুটবলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ ছেমি ফাইনেলত প্ৰৱেশ

■ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জামচেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামচেদপুৰ ফুটবল ক্লাবক ২-০ গ'লত পৰাজিত কৰি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দল ইষ্ট বেংগলৰ মুখামুখি হ'ব। মোহন বাগানে ১৮ তম ডুৰাণ্ড কাপ খিতাপ লাভৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে ইষ্ট বেংগল দলে ডুৰাও কাপৰ ১৭ তম ...

August 17, 2025 8:22 PM August 17, 2025 8:22 PM

views 8

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭% অধিক বৃদ্ধি

■ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন তিনি হাজাৰ ১০০ কোটি ডলাৰৰ পৰা ১৩ হাজাৰ ৩০০ কোটি ডলাৰলৈ বৃদ্ধি হৈছে। চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এনে প্ৰয়াসৰ ফলস্বৰূপ...

August 17, 2025 8:17 PM August 17, 2025 8:17 PM

views 17

২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব

■ ২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব। দেশখনৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে, দেশখনৰ এই নতুন মহাকাশ কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক কাম-কাজ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ হ'ব। এই অভিযানত এখন লেণ্ডাৰ, এটা বেলুন প্রোব আৰু কক্ষপথত পৰিভ্ৰমণ কৰিব পৰা এখন মহাকাশযান অন্তৰ্ভুক্ত কৰা হ'ব। এই অভিযান ২০৩৪ৰ পৰা ২০৩৬ চনৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি আশা কৰা হৈছে। লেভস্কিন সংস্থাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ হ'বলগীয়া অভিযানৰ আৰ্হি সম্পূৰ্ণ হ'বলৈ দুবছৰ সময় লাগিব বুলি জানিব পৰা গ...

August 17, 2025 8:13 PM August 17, 2025 8:13 PM

views 18

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্...

August 17, 2025 8:08 PM August 17, 2025 8:08 PM

views 27

দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান

■ ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে, আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিচ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে, যে নির্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো ...

August 17, 2025 8:04 PM August 17, 2025 8:04 PM

views 46

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

■ বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সংসদীয় পৰিষদৰ অন্যান্য সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকত প্ৰধানকৈ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছে। যোৱা ৬ আগষ্টত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা-এন ডি এৰ নেতাসকলে উপ-ৰাষ...