October 2, 2025 6:58 PM

views 33

ৰাষ্ট্ৰপতি মু্ৰ্মুৱে লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব

■ সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিজয়া দশমী আৰু দশেৰা উদযাপন কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৱেই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সামৰণিৰ দিন। ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ সৈতে সংগতি ৰাখি অশুভৰ বিৰুদ্ধে শুভ শক্তিৰ জয় সূচক উৎসৱ হিচাপে দশেৰা উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মু্ৰ্মুৱে দিল্লীৰ লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰামলীলা সমিতিয়ে সুকীয়াকৈ আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। পূৱ দিল্লীৰ পটপৰগঞ্জ...

October 2, 2025 8:58 PM

views 41

জম্মু-কাশ্মীৰত হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত ৩ জন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু

■ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিগত তিনি দিন ধৰি হৈ থকা হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু হৈছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এই সংঘৰ্ষৰ ফলত ১৭২ জন আৰক্ষী জোৱান আৰু ৫০ জন সাধাৰণ নাগৰিক আহত হৈছে। উল্লেখযোগ্য যে পাক অধিকৃত কাশ্মিৰৰ যুটীয়া আৱামী একচন কমিটীৰ নেতা শৌকত নৱাজ মিৰে অঞ্চলটোৰ প্ৰনাসনীয় সংস্কাৰ আৰু ৰাজহুৱা সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবী সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছিল। পাকিস্তানৰ ...

October 2, 2025 8:47 PM

views 46

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত ২ উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ

■ আহমেবাদত অনুষ্ঠিত প্রথমখন টেষ্ট মেছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ কৰে। কে এল ৰাহুলে ৫৩ আৰু শুভমন গীলে ১৮ ৰাণ কৰি অপৰাজিত হৈ আছে। ইয়াৰ আগেয়ে টছত জিকি ৱেষ্ট ইণ্ডিজে প্রথমে বেটিং কৰি নিজৰ প্ৰথম ইনিংছত ১৬২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ চিৰাজে চাৰিটা আৰু যশপ্রীত বুমৰাই তিনিটা উইকেট দখল কৰে। উল্লেখযোগ্য যে, ভাৰতৰ নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত দেশখনৰ ঘৰুৱা ছিজনৰ আৰম্ভণিৰ দুখনীয়া টেষ্ট শৃংখলাৰ এইখন হ'ল প্ৰথমখন খেল। এই শৃংখলাৰ দ্বিতীয়...

October 2, 2025 6:43 PM

views 92

নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ

● নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তি হিচাপে ১ লাখ ১,৬০৩ কোটি টকা মোকলাই দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনক ধন্যবাদ জনাইছে। সামাজিক মাধ্যম এক্সত শ্ৰীৰিঅ’ই কয়, যে সময়মতে মোকলাই দিয়া এই ধনে ৰাজ্যখনৰ লগতে দেশৰ কল্যাণ, বিকাশ আৰু মূলধনী ব্যয়ত সহায় কৰিব।

October 2, 2025 6:40 PM

views 37

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজৰ মৃত্যু বার্ষিকীত স্মৰণ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

● উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মুক্তি যুজাৰু তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজক আজি মৃত্যু বার্ষিকীত স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে প্রয়াত কামৰাজৰ জীৱন সৰলতা, সংহতি আৰু জনগণৰ সেৱাত উৎসৰ্গিত আছিল। তেওঁ লগতে কয়, যে কে. কামৰাজে শিক্ষা আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নত অমূল্য অৱদান আগবঢ়াই গৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লাখ লাখ শিশুৰ জীৱনলৈ ৰূপান্তৰ অনা মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তনৰ বাবেও প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰে। দেশৰ মুক্তি সংগ্ৰাম আৰু...

October 2, 2025 6:36 PM

views 38

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটে অসামৰিক লোক বাস কৰা অঞ্চলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। ছুদানিজ আর্মড ফ'ৰ্চ আৰু ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলি থকা গৃহযুদ্ধত...

October 2, 2025 6:13 PM

views 78

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন

■ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুই প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ...

October 2, 2025 6:08 PM

views 59

দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে

● ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব...

October 1, 2025 9:29 PM

views 40

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি হৈছে। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ-বাৰীৰ ধ্বংসস্তুপত এতিয়াও বহুলোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্চলৰ ৱিছায়াছ অঞ্চলৰ উপকূলীয় মহানগৰ ছেবুত যোৱানিশা ৬.৯ ৰিখটাৰ স্কেল প্রাবল্যৰ এটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায়। ভূমিকম্পৰ ফলত ডেৰশৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰনি কাষৰীয...

October 1, 2025 9:17 PM

views 34

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত ৩০ খনতকৈও অধিক দেশৰ ৩ হাজাৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিকাশ হ'ব বুলি আশা কৰা হৈছে।