August 18, 2025 9:21 PM August 18, 2025 9:21 PM

views 8

খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত

কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে দেশৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইমছ অগ্ৰণী প্ৰতিষ্ঠান হিচা...

August 18, 2025 9:16 PM August 18, 2025 9:16 PM

views 20

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি দেওবাৰে এটি নৱজাতকৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি কালি এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি এটি নৱজাতক বিছনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটো থেৰাপি মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্রত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ যোৱা ১৫ আগষ্টত হাস্পতালখনত জন্ম হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্...

August 18, 2025 9:12 PM August 18, 2025 9:12 PM

views 6

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৬৭ চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে ১৯৭৮ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্রণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতে জড়িত ...

August 18, 2025 8:57 PM August 18, 2025 8:57 PM

views 14

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...

August 18, 2025 8:54 PM August 18, 2025 8:54 PM

views 8

ৰাজ্যসভাত গৃহীত ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫

ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্রিক বোর্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৱলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্রিক উন্নয়ন পৰিষদৰ আন্তঃগাথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন, সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সুবিধা প্ৰদান কৰিব। এই বিধেয়কে লগতে বন্দৰৰ লগত জড়িত বিভিন্ন বিবাদসমূহ মীমাংসা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দ...

August 18, 2025 8:49 PM August 18, 2025 8:49 PM

views 10

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ'কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।

August 18, 2025 8:46 PM August 18, 2025 8:46 PM

views 5

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই

চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত ২৪ সংখ্যক বিশেষ প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

August 18, 2025 8:43 PM August 18, 2025 8:43 PM

views 10

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান...

August 18, 2025 8:38 PM August 18, 2025 8:38 PM

views 7

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰতে ইউক্রেইনৰ সৈতে সংঘাট শান্তিপূর্ণভাৱে অৱসান হোৱাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আগবঢ়াব। শ্রীমোদীয়ে কয় যে অনাগত দিনতো ৰাছিয়াৰ ৰাষ্ট...

August 18, 2025 7:36 PM August 18, 2025 7:36 PM

views 11

ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে বিহাৰৰ ঔৰংগবাদৰ ডিঅ’ত উপস্থিত ৰাহুল গান্ধী

বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি ঔৰংগবাদ জিলাৰ ডিঅ'ত উপস্থিত হয়। তেওঁ বিশ্ববিখ্যাত ডিঅ' সূৰ্য মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। উল্লেখযোগ্য যে বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যখনত চলি থকা ভোটদাতা তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ বিৰোধিতাৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে। ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ১৬ দিনীয়া এই যাত্রা ২০ খনতকৈও অধিক জিলাৰ মাজেৰে অগ্ৰসৰ হৈ অহা পহিলা ছেপ্তেম্বৰত পাৰ্টনাত অন্ত পৰিব। এই যাত্ৰাকালত আজি...