August 21, 2025 5:36 PM August 21, 2025 5:36 PM

views 12

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম’ম’ নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম'ম' নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত প্ৰতিবছৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈ সন্মানীয় আৰু প্ৰসিদ্ধ মহোৎসৱ বুলি গণ্য কৰা হয়। এছিয়াৰ চলচ্চিত্ৰসমূহক বিশ্ব প্রেক্ষাপটলৈ লৈ যোৱাই এই চলচ্চিত্ৰ মহোৎসৱৰ মূল উদ্দেশ্য। এই মহোৎসৱৰ ভিজন ছেক্সনত এছিয়াৰ উদীয়মান আৰু কিছু পৰিমাণে অভিজ্ঞ তথা সাহসী আৰু মৌলিক কাহিনী প্ৰদৰ্শন কৰা হয়। ত্রিবেণী ৰায়ৰ প্ৰথম চলচ্চিত্ৰ শ্বেপ ...

August 21, 2025 5:01 PM August 21, 2025 5:01 PM

views 10

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 19, 2025 1:45 PM August 19, 2025 1:45 PM

views 9

ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলাত সজাগতা সভা

■ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পুৰণা দিৰীয়াল চাহ বাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপ্পৰ পট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰীয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকালাইনত ডায়েৰীয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ...

August 19, 2025 1:36 PM August 19, 2025 1:36 PM

views 15

ডিব্ৰুগড়ত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত স্বাৱলম্বী ভাৰত শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চাবুৱা বহুমুখী সমবায় সমিতি লিমিটেড আৰু লুইত বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাৱলম্বী ভাৰত শীৰ্ষক এটা বিশেষ অনুষ্ঠান কালি অনুষ্ঠিত হয়। চাবুৱা লাহোৱাল পঞ্চায়তৰ অন্তৰ্গত ৰহমৰীয়া গেনিচুকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় লোক, সমবায় কর্মী, হস্ততাঁত শিল্পৰ সৈতে জড়িত ব্যক্তি তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। স্থানীয় স্তৰত আত্মনিৰ...

August 19, 2025 12:41 PM August 19, 2025 12:41 PM

views 9

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

● মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পর্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

August 19, 2025 12:37 PM August 19, 2025 12:37 PM

views 15

ডুৰাণ্ড কাপৰ প্ৰথমখন ছেমি ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত খেলখন অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।

August 19, 2025 12:26 PM August 19, 2025 12:26 PM

views 92

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫,৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন

■ কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫ হাজাৰ ৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন জনাইছে। চৰকাৰে যোৱা জুনত দেশৰ ১৮ খন ৰাজ্যলৈ প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত মুঠ ৪৭ হাজাৰ ৪৭৪ কোটি ৫৮ লাখ টকাৰ আৱণ্টন দিছে। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱণ্টন দিয়া ১৮ খন ৰাজ্যৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত ৪৬ কোটি ১৮ লাখ টকাৰ আৱণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনা...

August 19, 2025 12:07 PM August 19, 2025 12:07 PM

views 14

বিশ্বনাথত উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত

● বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকক প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে ১০ খন এছকেভেটৰৰ জৰিয়তে প্রশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয়দিনা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

August 19, 2025 11:59 AM August 19, 2025 11:59 AM

views 31

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ

● ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে। সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্ৰত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনো ধৰণৰ অবৈধ দখল হব নোৱাৰে তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্রহণ কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে। সংৰক্ষিত বনাঞ্চলসমূহৰ দখল ৰোধ কৰাৰ বাবে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিবলৈও ন্যায়াল...

August 18, 2025 9:25 PM August 18, 2025 9:25 PM

views 15

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত

আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ...