October 8, 2025 6:20 PM

views 37

১০ অক্টোবৰৰ পৰা আই আই টি গুৱাহাটীত ৩ দিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও ৩৩ খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কৰ্মশালা অনুষ্ঠিত হ'ব। এই কর্মশালাত ৪ শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব।

October 8, 2025 6:16 PM

views 26

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিবেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ ১০ বজাত এই অধিবেশন আৰম্ভ হ'ব।

October 8, 2025 5:59 PM

views 32

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪,৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ...

October 7, 2025 4:03 PM

views 46

কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাৰ লগতে কামৰ অভ্যাসৰ পৰিৱৰ্তন সাধন কৰিব, স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ ন ন পথ উদ্ভাৱন কৰিব আৰু শিক্ষাক অধিক পৰিমাণে প্ৰসাৰিত কৰিব। জীৱনধাৰাৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ অন্তৰ্ভুক্তিয়ে বিশ্বৰ সকলো অ...

October 7, 2025 3:57 PM

views 34

আজি বাল্মিকী জয়ন্তী

■ দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মিকী জয়ন্তী উদযাপন কৰা হৈছে। এই দিৱসত মহাকাব্য ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী উপলক্ষ্যে পালন কৰা হয়। মহর্ষি বাল্মিকিক ‘আদি কবি’ বা সংস্কৃত ভাষাৰ প্রথম কবি হিচাপেও উপাসনা কৰা হয়। বাল্মিকী পন্থাৰ সদস্যসকলেও তেওঁক ঈশ্বৰৰ দূত হিচাপে শগণ্য কৰে আৰু পৰম ভক্তিৰে পাৰ্গত দিৱস পালন কৰে। এই উপলক্ষে "শোভা যাত্রা" নামৰ শোভাযাত্ৰাটোও উলিওৱা হয়। মহর্ষি বাল্মিকী জয়ন্তী উপলক্ষ্যে ৰাষ্ট্ৰপতি দ্রৌপদী মু্ৰ্মুৱে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ সামাজিক মাধ্যমৰ এটা ব...

October 7, 2025 12:03 PM

views 54

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

October 7, 2025 12:08 PM

views 30

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...

October 7, 2025 11:57 AM

views 61

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

October 7, 2025 11:53 AM

views 29

বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিবঃ ড০ এছ জয়শংকৰ

● বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিব। নতুন দিল্লীত কালি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰত অনুষ্ঠিত হোৱা আৰাৱলী সন্মিলন উদ্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এইদৰে কয়। ব্যতিক্রমী ধৰণেৰে দেশৰ উত্থান হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পাৰমাণৱিক নীতি, আঞ্চলিকতাবাদ, আৰু শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আন্তঃ ৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই সন্মিলন অনুষ্ঠিত হৈছিল...

October 7, 2025 11:49 AM

views 64

পশ্চিমবংগত বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা বিজেপিৰ কৰ্মী, সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছেঃ প্ৰধানমন্ত্ৰী

■ পশ্চিমবংগত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কাম কৰি থকা বিজেপিৰ কৰ্মীসকলৰ লগতে কেইবাজনো সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ এই গৰিহনাযোগ্য কাৰ্য আৰু ৰাজ্যখনৰ পুতৌজনক আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয়, যে পশ্চিমবংগৰ চৰকাৰ আৰু তৃণমূল কংগ্ৰেছে এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিত মানুহক সহায় কৰাৰ বিপৰীতে হিংসাত্মক কা...