August 21, 2025 8:54 PM August 21, 2025 8:54 PM

views 4

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। এগৰাকী সুসাহিত্যিক হোৱাৰ উপৰি তেওঁ বৰপেটা ৰোডৰ সমাজ জীৱনৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

August 21, 2025 8:42 PM August 21, 2025 8:42 PM

views 1

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱ গোস্বামী পৰিচালিত নাট অম্বিকাগিৰী অনির্বাপিত একুৰা জুই মঞ...

August 21, 2025 8:34 PM August 21, 2025 8:34 PM

views 13

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অন...

August 21, 2025 8:31 PM August 21, 2025 8:31 PM

views 9

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি এচ এন এল, বিদ্যুৎ বিল, শ্রমিক সম্পৰ্কীয় আইনী ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে।

August 21, 2025 7:47 PM August 21, 2025 7:47 PM

views 18

সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত ১৬ আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৫ আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ-পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়। ডিজিটেল শস্য জৰীপ খাৰিফ-২০২৫ৰ জৰিয়তে কৃষকসকলৰ সামগ্রিক কল্যাণৰ উদ্দেশ্যে প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথ্য সংগ্ৰহৰ দিহা কৰা হৈছে। শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু উন্নত পৰিকল্পনা, সংগৃহীত তথ্যৰ ভি...

August 21, 2025 7:14 PM August 21, 2025 7:14 PM

views 7

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 21, 2025 7:10 PM August 21, 2025 7:10 PM

views 11

তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যয় সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত অঞ্চলসমূহৰ পৰা...

August 21, 2025 6:54 PM August 21, 2025 6:54 PM

views 21

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ শর্মাই আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন ...

August 21, 2025 5:50 PM August 21, 2025 5:50 PM

views 3

নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰৰ কথা প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। এই উপগ্ৰহটোত এছ/২০২৫ ইউ ৱান বুলি নামকৰণ কৰা হৈছে।

August 21, 2025 5:42 PM August 21, 2025 5:42 PM

views 21

ডুৰাণ্ড কাপৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত খেলোৱা হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গল দিয়ে যদিও তাৰ ক...