October 10, 2025 3:33 PM

views 33

সন্ত্ৰাসবাদী কার্যকলাপ উৎখাতৰ হকে ভাৰত আৰু আফগানিস্তানে ঐক্যবদ্ধভাৱে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ ড০ এছ জয়শংকৰৰ

● বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে সকলো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ উৎখাত কৰাৰ হকে ভাৰত আৰু আফগানিস্তানে ঐক্যবদ্ধভাৱে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ আৰম্ভণিৰ ভাষণত ড০ জয়শংকৰে, বিকাশ আৰু সমৃদ্ধিৰ দিশত কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে দুয়োখন দেশৰ উমৈহতীয়া প্রতিশ্রুতিবদ্ধতাৰ বিষয়ে দোহাৰে। আফগানিস্তানৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতে গভীৰভাৱে আগ্রহী বুলি তেওঁ মত প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজৰ পা...

October 10, 2025 3:31 PM

views 37

কাবুলত কেইবাটাও বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান- আফগানিস্তানৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি

● কাবুলত কালি কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। দেশখনৰ কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু আবাসিক স্থলেৰে সমৃদ্ধ পূব কাবুলত সংঘটিত এই বিস্ফোৰণৰ ঘটনাৰ ফলত অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি হয়। তালিবানৰ প্ৰধান মুখপাত্রই এই আক্ৰমণৰ ঘটনাৰ বিষয়ে নিশ্চিত কৰি দি কয় যে তেওঁলোকে ইতিমধ্যে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানলৈ উদঘাটন হোৱা নাই যদিও প্রাথমিক তথ্য অনুসৰি এয়া বিমান আক্ৰমণৰ ঘটনা বুলি ...

October 10, 2025 3:29 PM

views 99

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মৰ্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয...

October 10, 2025 3:26 PM

views 36

প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী ...

October 10, 2025 3:23 PM

views 28

পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী

■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ পশ্চিম বংগৰ পৌৰ নিগমসমূহৰ কেইবাটাও পদত নিযুক্তিক কেন্দ্ৰ কৰি এই কেলেংকাৰি সংঘটিত হৈছিল বুলি উল্লেখ কৰি সঞ্চালকালয়ে দাখিল কৰা এজাহাৰত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত কলকাত...

October 10, 2025 1:23 PM

views 41

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী...

October 10, 2025 1:42 PM

views 53

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

October 10, 2025 1:38 PM

views 47

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 8, 2025 9:26 PM

views 45

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। এনে জটিল সময়ত তেওঁ ঘটনাত ক্ষতিগ্ৰস্ত লোক তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে সহমর্মিতা প্রকাশ কৰে।

October 8, 2025 9:25 PM

views 46

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়...