August 28, 2025 9:31 PM August 28, 2025 9:31 PM

views 18

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ সংঘটিত হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি কাগোছিমা আৰু মিয়াজাকিৰ মাজেৰে স্থানীয় সময়মতে পুৱা ৪ বাজি ৫৩ মিনিটত এই আগ্নেয়গিৰিৰ উদ্গীৰণ হয়। সংস্থাটোৱে লেভেল 3 ৰ এলাৰ্টেৰে স্থানীয় লোকক কাগোছিমা আৰু মিয়াজাকিৰ ওচৰে পাজৰে নাযাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য,যে ২০১৮ চনৰ জুন মাহৰ পাছত উদ্গীৰণ ঘটা জাপানৰ ৫০টা সক্রিয় আগ্নেয়গিৰিৰ ভিতৰত মাউন্ট শ্বিনমোই অন্যতম।

August 28, 2025 9:28 PM August 28, 2025 9:28 PM

views 8

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।

August 28, 2025 9:25 PM August 28, 2025 9:25 PM

views 15

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুর্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্রশাসনে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্রীমাতা বৈষ্ণোদেৱী ব'র্ডে ভক্তসকলক তীর্থযাত্ৰাৰ বাবে পৰৱ...

August 28, 2025 9:20 PM August 28, 2025 9:20 PM

views 13

বিশ্ব পেৰা এথলেটিকছৰ ভাৰতীয় দল ঘোষণা

বিশ্ব পেৰা এথলেটিকছ প্রতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা ২৭ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৯ গৰাকী মহিলা খেলুৱৈ থকা ৭৩ জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত অন্তিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পেৰিছ পেৰালিম্পিকৰ ক্লাব থ্ৰ’ত সোণৰ পদক বিজয়ী ধৰ্মবীৰ নেইন আৰু দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী দৌৰবিদ প্রীতি পলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে পেৰালিম্পিকত তিনিবাৰকৈ ...

August 28, 2025 9:15 PM August 28, 2025 9:15 PM

views 13

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছত তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাক ৬-৩, ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ আন এখন খেলত স্পেইনৰ কাৰ্লোৰ্ছ অস্কাৰাজে ইটালীৰ মাটিয়া বেলুচীক ৬-১, ৬-০, ৬-৩ ছেটত পৰাভূত কৰে। মহিলাৰ ছিংগলছত জাপানৰ নাওমী ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক ৬-৩, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। মহিলাৰ ছিংগলছৰ আন এখন...

August 28, 2025 9:12 PM August 28, 2025 9:12 PM

views 13

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত পুৰণি ৪মহলীয়া এটা অট্টালিকা খহি পৰাত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত কালি নিশা পুৰণি চাৰিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ গৰাকী লোক আহত হয়। অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে। চৰকাৰী সূত্ৰই ধ্বংসস্তূপৰ মাজত আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। কালি নিশা অট্টালিকাৰটোৰ একাংশ খহি পৰাৰ পাছতে অগ্নিনির্বাপক বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ ২৪ গৰাকী লোকক উদ্ধাৰ কৰিছে। জিলা দণ্ডাধীশ ইন্দুৰাণী জাখাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তেওঁ কয়, যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী,...

August 28, 2025 9:04 PM August 28, 2025 9:04 PM

views 11

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চাৰিদিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰে। ভাৰতৰ প্ৰতিনিধি দলটোক সীমান্ত সুৰক্ষা বাহিনীৰ মহানির্দেশক দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়ে। ইফালে বাংলাদেশৰ প্ৰতিনিধি দলটোক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ মহানিৰ্দেশক মেজৰ জ...

August 28, 2025 8:58 PM August 28, 2025 8:58 PM

views 2

২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি ২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহ্বান জনায়। ১ চেপ্তেম্বৰৰ ভিতৰত পাকিস্তানে ১০ লাখতকৈ অধিক আফগান শৰণাৰ্থীক বিতাড়িত কৰাৰ সময়সীমাই বিশেষকৈ মহিলা আৰু যুৱতী শৰণাৰ্থীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মানৱীয় সংস্থাসমূহে আফগানিস্তানত দৰিদ্ৰতা,নিবনুৱা সমস্যা আৰু অস্থিৰতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে...

August 28, 2025 8:33 PM August 28, 2025 8:33 PM

views 2

শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ

মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে য...

August 28, 2025 8:17 PM August 28, 2025 8:17 PM

views 13

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা ৩ দিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা তিনিদিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক ভাস্কৰ ডেকাই ডিগবৈৰ টি চি ডি চি চিৰ অধীনত পেঙেৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰৰ নেতৃত্ব দিছে। এই শিবিৰত দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা, উদ্ধাৰ কাৰ্য আৰু কৰণীয় কাম-কাজৰ বিষয়ে প্রশিক্ষণ দিয়া হৈছে। বিদ্যালয়খনৰ অর্ধশতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে শিবিৰত অংশগ্ৰহণ কৰিছে।