October 24, 2025 6:33 PM

views 17

লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন

লোকসেৱা সজাগতা অভিযান-সবকী যোজনা-সবকী বিকাশ বিষয়ত আধাৰিত লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হব। পঞ্জায়তীৰাজ মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাই যে ইয়াৰ বিষয়বস্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই অভিযানৰ লক্ষ্য হৈছে ২০২৬ ২৭ বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনা জনসাধাৰণৰ অংশগ্রহণ তথা জনসজাগতা বৃদ্ধি কৰা। তৃণমূল পৰ্যায়তেই বিকাশৰ পথ প্ৰশস্ত কৰাত দেশৰ প্ৰতিজন নাগৰিকৰ গুৰু...

October 24, 2025 6:30 PM

views 19

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত কেইবাগৰাকী যাত্ৰী থিতাতে নিহত

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনে কেইবাগৰাকীও যাত্রী কঢ়িয়াই হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে গৈ আছিল। প্রায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ পৰা ১৫ গৰাকী লোকক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱনাথ ৰেড্ডীয়ে আশ্বৰ্য্য প্ৰকাশ কৰাৰ লগতে নিহত যাত্ৰীসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক ত...

October 24, 2025 6:26 PM

views 63

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত-তিববত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস, শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে ...

October 24, 2025 6:21 PM

views 88

এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল'ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজক উন্নীত কৰিবলৈ সমৰ্থ হৈছে।

October 22, 2025 3:11 PM

views 26

দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আৰম্ভ

● নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। অপাৰেচন সিন্দূৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই সন্মিলনে দেশৰ নেতৃবৰ্গ আৰু আমোলাসকলৰ মাজত মত বিনিময়ৰ মঞ্চ হিচাপে কাম কৰে আৰু সাম্প্ৰতিক ভূ-ৰণনীতি প্ৰেক্ষাপটত বহুমুখী প্ৰত্যাহ্বান দূৰ কৰাৰ প্ৰতি নৌসেনাবাহিনীৰ দৃষ্টিভংগী সুদৃঢ় কৰি তোলে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক ...

October 22, 2025 3:07 PM

views 31

গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়

■ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লেহ চমুকৈ এ বি এল আৰু কাৰ্গিল ডেমক্রেটিক এলায়েন্স চমুকৈ কে ডি এৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্রতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ...

October 22, 2025 3:00 PM

views 44

বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰা

● কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰাৰ জৰিয়তে মহা যুঁট বন্ধন সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহা মিত্রযোঁটে যদি ৫টা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহ'লে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ'ব আৰু এইকথা বিহাৰৰ জনসাধাৰণে বুজি পাইছে। শ্ৰী পাছোৱানে অহা ১৪ নবেম্বৰত ৰাজ্যখনত এন ডি এই চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এই সময়মতে ঘোষণা কৰা আসন ভাগ-বটোৱাৰাই ইতিবাচক বার্ত...

October 22, 2025 1:09 PM

views 143

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।

October 22, 2025 12:36 PM

views 65

পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

● পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বন...

October 22, 2025 12:34 PM

views 57

হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ নির্দেশনা

● অহা বছৰৰ প্ৰথম ভাগত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰ সমিতি গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে নির্দেশনা প্রকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াই অহা ৩১ অক্টোবৰৰ পূৰ্বে একোখনকৈ সমিতি গঠন কৰিবলৈ সাধাৰণ সভা আহ্বান কৰিব লাগিব। এই সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব। পৰীক্ষাৰ্থীৰ অভিভাৱক, স্থানীয় শিক্ষাবিদ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য...