September 9, 2025 2:46 PM September 9, 2025 2:46 PM

views 11

নেপালত ভাৰতীয় নাগৰিকক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

■ নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে দেশখনৰ এই পৰিস্থিতিত হোৱা প্ৰাণহানিৰ ঘটনাসমূহক লৈ দুখ ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে সংশ্লিষ্ট সকলো পক্ষকে শান্...

September 9, 2025 2:42 PM September 9, 2025 2:42 PM

views 11

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত

■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, ডি এম কে সাংসদ দয়ানিধি মাৰান, সমাজবা...

September 9, 2025 2:59 PM September 9, 2025 2:59 PM

views 32

অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ আছিল

■ অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ থকাৰ লগতে প্ৰয়োজন অনুসৰি এইবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ননে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি নাৰায়ণননে - ইছৰোৱে ভাৰতৰ প্ৰযুক্তিৰ দিশসমূহক কেনেদৰে শক্তিশালী কৰিছে, স্থানীয়কৰণ আৰু প্ৰযুক্তি হস্তান্তৰ বৃদ্ধি কৰিছে আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাকাশ খণ্ডৰ নেতৃত্বৰ স্থান দিবলৈ মহাকাশ উদ্যোগীকৰণক আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰে। অনু...

September 9, 2025 2:55 PM September 9, 2025 2:55 PM

views 8

৮ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীন চন্দ্ৰ ৰামগুলাম আৰু তেওঁৰ পত্নী বিনা ৰামগুলাম

● মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীন চন্দ্ৰ ৰামগুলাম আৰু তেওঁৰ পত্নী বিনা ৰামগুলাম ৮ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী ৰামগুলামৰ কাৰ্যকালত এয়া হ'ব তেওঁৰ দ্বিপাক্ষিক কাৰ্যসূচীৰে প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৪ চনৰ মে মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ৰামগুলামৰ এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি...

September 9, 2025 3:03 PM September 9, 2025 3:03 PM

views 18

উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি সম্প্ৰতি জটিল হৈ আছে

■ উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আবাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্রশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও পাঁচ হাজাৰ লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ ...

September 9, 2025 3:20 PM September 9, 2025 3:20 PM

views 14

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত লখিমপুৰত আইনী সেৱা কেন্দ্ৰ মুকলি

লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ছেচন ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্রাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে।

September 9, 2025 1:05 PM September 9, 2025 1:05 PM

views 14

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...

September 9, 2025 1:15 PM September 9, 2025 1:15 PM

views 10

তিৱা বসতি প্ৰধান অঞ্চলৰ মৰিগাঁৱৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

■ ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্রশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্...

September 8, 2025 9:24 PM September 8, 2025 9:24 PM

views 33

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্বেষণ কৰা।

September 8, 2025 9:15 PM September 8, 2025 9:15 PM

views 20

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্রতিনিধিত্বৰ আধাৰত উপৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ ...