November 6, 2025 11:33 AM

views 79

বন্দে মাতৰমৰ ১৫০ বছৰীয়া বার্ষিকীৰে কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশপ্ৰেমমূলক গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব। সাংস্কৃতিক মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বাৰ্ষিকী উৎসৱৰ আয়োজন কৰিছে। অহা বছৰৰ ৭ নৱেম্বৰলৈ এই বছৰজোৰা কাৰ্যসূচী চলিব। ডেৰশ বছৰ সম্পূৰ্ণ হোৱা বন্দে মাতৰমে ৰাষ্ট্ৰবাদ, একতা তথা ব্রিটিশ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ সমূহীয়া ভাৱনাৰ প্ৰতীকৰূপে প্ৰেৰণা যোগাই আহিছে।

November 6, 2025 11:14 AM

views 46

বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ বাবে ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

● ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৯ নৱেম্বৰলৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে’টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে, মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত...

November 6, 2025 11:10 AM

views 66

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগী...

November 6, 2025 11:07 AM

views 55

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ

■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্‌ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভ...

November 6, 2025 10:58 AM

views 30

অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ দলৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

● অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাচাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম-কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, কাটলিচেৰাৰ বিধায়ক চুজামুদ্দিন লস্কৰৰ উপৰি কেইবাগৰাকীও শীর্ষ চৰকাৰী বিষয়া উপস্থিত থাকে। দলটোৱে আন্তঃগাঁথনিমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বিভিন্ন বিষয়া সন্...

November 6, 2025 10:45 AM

views 35

শনিবাৰে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্রাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'ত সেইদিনা...

November 4, 2025 3:23 PM

views 29

ভাৰতৰ ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম’ৰ লেছ-টেলৈ প্ৰেৰণ

ভাৰতে ১০ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন দ্বীপৰাষ্ট্ৰ টিম'ৰ লেছ-টেলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে গোলকীয় দক্ষিণত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য অংশীদাৰী দেশ হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে টিম'ৰ লেছ- টেত ২০২৪ চনৰ মাৰ্চ মাহত প্ৰথমটো মানৱ দেহত ৰেবিছৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে দেশখনলৈ ৬ হাজাৰ পালি ৰেবিছ প্ৰতিষেধক আৰু দুহেজাৰ পালি ইমনুগ্ল’বিন প্ৰেৰণ কৰে। ভাৰত আৰু ইণ্ডোনেছিয়া চৰকাৰৰ সহায়ত ব...

November 4, 2025 3:05 PM

views 37

মেৰা বুথ সবছে মজবুত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

■ মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰি কয়, যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে সৰ্বতোপ্ৰকাৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সক্ৰিয় অংশগ্রহণে বিহাৰত গণতান্ত্ৰিক যাত্ৰা সৱলীকৰণত যথেষ্ট সহায় কৰা বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।

November 4, 2025 12:01 PM

views 51

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত

● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নির্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, চ...

November 4, 2025 11:57 AM

views 53

সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, যে কোৱিড-১৯ মহামাৰীৰ বাবে কিছু বছৰ এই সংগীত সন্মিলন বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত...