November 10, 2025 8:00 PM

views 25

২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে ২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছে। ইয়াৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অধীনত ৭১.৬ শতাংশ অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থা উদ্বোধন কৰি এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা ৰপ্তানীৰ পৰিমাণ ৬,৬৯৫ কোটি টকা হৈছে বুলি উল্লেখ কৰি কয় যে ভাৰতৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থাক বিশ্বই আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, এই কথাই...

November 10, 2025 7:44 PM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশখনৰ এছেম্বলিত ভাষণ দিয়াটো তেওঁৰ বাবে গৌৰৱৰ কথা। এংগোলাৰ এছেম্বলি তথা ইয়াৰ প্ৰতিনিধিসকল তথা দেশখনৰ স্বাধীনতা সংগ্ৰামে শান্তি আৰু গণতন্ত্ৰলৈ পৰ্যবেক্ষিত হোৱাটো দেশখনৰ বাবে এটা প্রশংসনীয় যাত্ৰা বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ভাৰত আৰু এংগোলাৰ মাজৰ কূটনৈতিক সম্বন্ধৰ ৪০ বছৰ হোৱা উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ তেওঁক আমন্ত্ৰণ কৰাৰ বাব...

November 10, 2025 7:34 PM

views 23

পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান

বজালী জিলাৰ পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। আথিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ। এগৰাকী কৃতি শিক্ষক তথা সৰবৰহী ব্যক্তি হিচাপে তেওঁ বহুলভাৱে পৰিচিত আছিল।

November 10, 2025 7:27 PM

views 27

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। আদালত স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটী উকীল সন্থাই আদালত বর্জন কাৰ্যসূচ...

November 10, 2025 7:18 PM

views 38

শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব । কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি সকলো ধৰণৰ প্ৰায় দুকুৰি গীত শিল্পীসকলে পৰিৱশন কৰিব। কণ্ঠশিল্পীসকলৰ সামূহিক প্ৰচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি ...

November 10, 2025 6:30 PM

views 30

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো ...

November 10, 2025 6:26 PM

views 36

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ ...

November 10, 2025 6:20 PM

views 35

দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই বৈঠকত অংশ লৈ বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। এই প্রাক বাজেট পৰামৰ্শদান বৈঠক আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাগৰ...

November 10, 2025 6:18 PM

views 29

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁ...

November 10, 2025 6:13 PM

views 24

সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫' মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতি লিমিটেড ফেডাৰেচন, NAFCUB তথা নগৰীয়া সংস্থাসমূহে নীতি নিৰ্দেশনা জাৰি কৰা উচিত। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি সকলো নগৰীয়া সমবায় বেংকে বিত্তীয় আন্তঃগাঁথনিৰ শৈলী প্রস্তুত কৰা উচিত বুলি শ...