November 27, 2025 2:30 PM

views 21

ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰৰ অংশীদাৰিত্ব চুক্তিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত

● ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ভাৰত-ইউ এ ই ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত কালি বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অল কেইটে এই বৈঠকত সহ-অধ্যক্ষতা কৰে। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যৰ বিকাশক আদৰণি জনোৱাৰ লগতে ভাৰতৰ মুখ্য বাণিজ্য অংশীদাৰ হিচাপে ইউ এ ইৰ স্থিতি পুনৰ নিশ্চিত কৰে। উল্লেখযোগ্য যে, ভাৰত আৰু ইউএ ইৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ২০২৪-২৫ বৰ্ষত ১০...

November 27, 2025 2:26 PM

views 23

ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব। এয়া হ'ব ওড়িশা বিধানসভাক উদ্দেশি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুমুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ ১১ নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী মুমুৱে বিধায়ক হিচাপে কাৰ্য্য নিৰ্বাহ কৰাৰ সময়ত এই কক্ষটোৰ পৰাই কাম কৰিছিল। শ্ৰীমতী মুর্মু ২০০০ আৰু ২০০৪ চনত ওড়িশাৰ ময়ুভঞ্জ জিলাৰ ৰাইৰাংপুৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰ নিৰ্বাচিত হৈছিল।

November 27, 2025 2:24 PM

views 27

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 27, 2025 2:21 PM

views 24

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীসমূহে অভূতপূর্ব অভিযোজ্যতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে অলপতে চলোৱা অপাৰেচন সিন্দূৰৰ সাফল্য দেশৰ সন্ত্ৰাস প্ৰতিৰোধী ৰণকৌশলৰ বাবে নির্ণায়ক ক্ষণ বুলি অভিহিত কৰে। শ্রীমতী মুৰ্মুৱে কয়, য...

November 27, 2025 3:40 PM

views 26

শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ লাভ কৰা অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হ'ব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী অনুযায়ী সুৰক্ষিত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। সন্মিলনত শ্...

November 27, 2025 3:13 PM

views 54

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, সামগ্ৰী আৰু সেৱা কৰ - জি এছ টি ব্যৱস্থাৰ সংস্কাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা ৫০ শতাংশ প্রতি শুল্কৰ বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাত দেশক সহায় কৰিব। আই এম এফৰ কাৰ্য্যবাহী পৰিষদে ভাৰতৰ বাবে বাৰ্ষিক মূল্যায়ণ সম্পূৰ্ণ কৰাৰ পাছত সংস্থাটোৱে এটা বিবৃতিযোগে কয়, যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থ-ব্যৱস্থাৰ বিকাশ হাৰ ৬.৫ শতাংশ হোৱাৰ পাছত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ...

November 27, 2025 1:00 PM

views 33

খেলৰ বাতৰি:

● ২০২৬ বৰ্ষত হ'বলগীয়া ১৭ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ-ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেইক ৩-১ গ’লৰ ব্যৱধানৰ পৰাস্ত কৰে। আহমেদাবাদৰ এক্কা এৰিনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দাল্লালমৌন গাংটেই আটাইকেইটা গ’ল দিয়ে। যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত এয়া হ'ল ভাৰতৰ প্ৰথম বিজয়। ইয়াৰ পূৰ্বে বিগত শনিবাৰে অনুষ্ঠিত ভাৰত আৰু পেলেষ্টাইনৰ মাজৰ এখন খেল ১-১ গ’লত ডু' হৈছিল। কালিৰ জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপি...

November 27, 2025 1:19 PM

views 41

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ...

November 27, 2025 1:11 PM

views 24

ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ

● ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে ২০২১চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্রব্য সৰবৰাহত সন্দৰ্ভত ১৪হাজাৰ ২৩৯টা গোচৰ ৰুজু কৰা হৈছে। এনে সৰবৰাহ কাৰ্যত জড়িত থকাৰ অভিযোগত ২৩ হাজাৰ ২৭৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জব্দ কৰা মাদক দ্ৰব্যৰ ভিতৰত ৪৩৪ কোটি ৫৬ ...

November 27, 2025 1:22 PM

views 40

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰতো ভোটদান হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি স...