October 13, 2025 8:26 PM October 13, 2025 8:26 PM
9
প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছেঃ পিয়ুছ গোৱেল
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে আজি কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে চৰকাৰ আৰু শাসন ব্যৱস্থাৰ প্ৰতিটো খণ্ড অতিক্ৰম কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংহত পৰিকল্পনা আৰু অঞ্চলভিত্তিক উন্নয়নৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে। এই অনুষ্ঠানত মন্...