November 29, 2025 10:38 PM

views 35

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিটেলাইজ কৰা হৈছে৷ উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ...

November 29, 2025 7:21 PM

views 9

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি পাইছে আৰু ১০০ৰো অধিক লোকসন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকালৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু কৰ্তৃপক্ষসমূহে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰিছে। বাট-পথৰ ক্ষতি সাধন হোৱাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত এলেকাসমূহ বাকী অংশৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে। বিমানেৰে বেয়াকৈ ক্ষতিগ্ৰস্ত উত্তৰ সুমাত্ৰা প্ৰদেশত মধ্য তপানুলি দিলাত সাহাৰ্য সামগ্ৰী য...

November 29, 2025 7:18 PM

views 20

এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

■ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমানসেৱাৰ বাধ্যতামূলক সুৰক্ষাৰ দিশৰ পৰা প্রয়োজনীয় সাল-সলনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ অধীনত এয়াৰবাছ A318, A319, A320 আৰু A321 বাহিনীক সামৰি লোৱা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষা আৰু সংশোধন সম্পূর্ণ নোহোৱালৈকে উৰনত বাধা দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰবাছে বিশ্বযুৰি ইয়াৰ A320 শ্ৰেণীৰ সহস্রাধিক বিমান ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰায় ছয় হাজাৰ বিমান ...

November 29, 2025 7:07 PM

views 19

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ- বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ...

November 29, 2025 6:49 PM

views 23

অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

● অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ দূৰ্ণীতি নিবাৰক আৰু তদাৰক শাখাই ৩০২ জনক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জন আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে।

November 29, 2025 5:27 PM

views 25

ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত শ্ৰীলংকাত নেৰা-নেপেৰা বৰষুণ

■ ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা নেৰা-নেপেৰা বৰষুণৰ বাবে শ্ৰীলংকাৰ ভালেমান অংশত ব্যাপক ধন-জন হানি হৈছে। ধুমুহাজাকৰ ফলত ১২৩ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩০ জন লোক সন্ধানহীন হৈ আছে। বতাহজাকৰ ফলত ৩ লাখ ৭০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শ্রীলংকাত কেইবাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণ হ্ৰাস পাইছে আৰু বতাহজাক সম্প্রতি তামিলনাডুৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হৈছে। ঘূৰ্ণী বতাহজাক কাৰাইকলৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ দক্ষিণ-পূব আৰু পুডুচেৰীৰ পৰা ৩৮০ কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে আৰু প্ৰতি ঘণ্টাত ৭ ...

November 29, 2025 5:20 PM

views 28

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব

● উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰী ৰাধাকৃষ্ণণে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কুৰি সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশ গ্ৰহণ কৰিব।

November 29, 2025 5:16 PM

views 21

ছত্তিশগড়ত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নৱা ৰাইপুৰত অনুষ্ঠিত তিনিদিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে শ্ৰী শ্বাহে কয়, যে এই সন্মিলনক অভ্যন্তৰীণ সুৰক্ষাৰ সমাধানৰ পৰ্টেল হিচাপে গঢ় দিয়া হৈছে। এই সন্মিলনে কৌশলগত আৰু নীতি প্ৰস্তুতকৰণৰ বাবে আদর্শগত ভেটি গঢ়ি তুলিছে বুলি শ্ৰী শ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয, যে দেশে বিগত ১১ বছৰত মৌলবা...

November 27, 2025 3:47 PM

views 29

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

November 27, 2025 3:45 PM

views 21

পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধৰ বাবে উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰৰ ভিডিঅ’ক খণ্ডন চৰকাৰৰ

● পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভি ডি অ' চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল-সলনি কৰা ভি ডি অ'টোত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্রযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধ্বংস কৰাৰ কথা স্বীকাৰ কৰা বুলিও কোৱা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰৰ তথ্য উদ্ঘাটনকাৰী গোটে পাকিস্তানৰ কেইবাটাও ভুৱা একাউণ্টৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কৃত্রিম বুদ্ধিম...