October 17, 2025 12:22 PM October 17, 2025 12:22 PM

views 45

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

October 17, 2025 12:08 PM October 17, 2025 12:08 PM

views 49

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকু...

October 17, 2025 12:05 PM October 17, 2025 12:05 PM

views 36

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা

● স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে দিনৰ ১০.৩০ বজাত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব ছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।

October 17, 2025 12:02 PM October 17, 2025 12:02 PM

views 32

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৯জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয...

October 14, 2025 11:51 AM October 14, 2025 11:51 AM

views 25

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ চিপিআৰ সজাগতা সপ্তাহ মুকলি

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কালি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিপিআৰ সজাগতা সপ্তাহ সম্পৰ্কে চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰতিখন ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত অন্...

October 14, 2025 11:48 AM October 14, 2025 11:48 AM

views 50

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপসচিব সুনান্দা থকছমে সদস্য সচিব হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য তিনিগৰাকী সদস্য হৈছে- ক্লাৰা ক’ছিনী ফিমু, শশীকান্ত শৰ্মা আৰ...

October 14, 2025 11:46 AM October 14, 2025 11:46 AM

views 28

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি

● চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি হৈ ১১ লাখ ৮৯ হাজাৰ কোটিতকৈও অধিক হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ অক্টোবৰলৈকে ৫ লাখ দুহেজাৰ কোটি সংগ্ৰহ হৈছিল। বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত কৰৰ পৰিমাণ আছিল ৪ লাখ ৯২ হাজাৰ কোটি টকা। চলিত বৰ্ষত ন’ন কৰ্পৰেট কৰ ৬ লাখ ৫৬ হাজাৰ কোটি টকা হৈছে। ২০২৪ চনত এই একেই সময়ছোৱাত ন’ন কৰ্পৰেট কৰ সংগ্ৰহৰ পৰিমাণ আছিল ৫ লাখ ৯৪ হাজাৰ কোটি টকা। ছিকিউৰিটী লেনদেন কৰ ৩০ হাজাৰ ৪৭৮ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে বিগত বৰ্ষত এই...

October 14, 2025 11:44 AM October 14, 2025 11:44 AM

views 15

পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত আফগানিস্তানে নিজৰ উদ্দেশ্যত সফল হৈছে

● আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুট্টাকীয়ে কয়, যে পাকিস্তানৰ আক্ৰমণৰ পাছতেই আফগানিস্তানে মাত্ৰ এটা সামৰিক অভিযান কৰিছিল। বর্তমান ভাৰতত থকা আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কাটাৰ আৰু অন্যান্য আৰৱ ৰাষ্ট্ৰৰ লেখীয়া আফগানিস্তানৰ বন্ধু ৰাষ্ট্ৰসমূহে যুদ্ধ বন্ধ কৰিবলৈ দেশখনক অনুৰোধ জনাইছিল। তেওঁ কয় যে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়...

October 14, 2025 11:40 AM October 14, 2025 11:40 AM

views 32

প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

● ইজিপ্তত অনুষ্ঠিত ধর্ম-অল-শ্বেখ শীৰ্ষ সন্মিলনত দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক এখন মহান দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক বন্ধুৰ তালিকাত শীৰ্ষত থকা বুলি মন্তব্য কৰে। ট্রাম্পে কয়, যে প্রধানমন্ত্রী মোদীয়ে অভূতপূর্ব কাম কৰি দেখুৱাইছে। ৰাষ্ট্ৰপতি শ্ৰীটাম্পে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয়, যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰ...

October 14, 2025 11:35 AM October 14, 2025 11:35 AM

views 18

চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে: জাহ্নু বৰুৱা

● চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা, ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিতম ড° যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে এই মন্তব্য কৰে। বক্তৃতাৰ আৰম্ভণিতে জাহ্নু বৰুৱাই ড° যোগীৰাজ বসু আৰু কৃষ্ণকান্ত সন্দিকৈৰ সংস্কৃত পাণ্ডিত্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে সংস্কৃত...