October 24, 2025 6:36 PM October 24, 2025 6:36 PM

views 40

সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ' বার্তাযোগে কয়, যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্রধানমন্ত্ৰী শ্রীমোদীয়ে কয়, যে এইবাৰৰ মেলাৰ সৈতে চৰকাৰৰ বিভিন্ন বিভাগত এঘাৰ লাখতকৈও অধিক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। দেশত ৩ কোটি ৫ লাখ কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্...

October 24, 2025 6:35 PM October 24, 2025 6:35 PM

views 23

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জননায়ক কপুৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্রতিষ্ঠা কৰিছ...

October 24, 2025 6:33 PM October 24, 2025 6:33 PM

views 8

লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন

লোকসেৱা সজাগতা অভিযান-সবকী যোজনা-সবকী বিকাশ বিষয়ত আধাৰিত লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হব। পঞ্জায়তীৰাজ মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাই যে ইয়াৰ বিষয়বস্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই অভিযানৰ লক্ষ্য হৈছে ২০২৬ ২৭ বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনা জনসাধাৰণৰ অংশগ্রহণ তথা জনসজাগতা বৃদ্ধি কৰা। তৃণমূল পৰ্যায়তেই বিকাশৰ পথ প্ৰশস্ত কৰাত দেশৰ প্ৰতিজন নাগৰিকৰ গুৰু...

October 24, 2025 6:30 PM October 24, 2025 6:30 PM

views 12

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত কেইবাগৰাকী যাত্ৰী থিতাতে নিহত

অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনে কেইবাগৰাকীও যাত্রী কঢ়িয়াই হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে গৈ আছিল। প্রায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ পৰা ১৫ গৰাকী লোকক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱনাথ ৰেড্ডীয়ে আশ্বৰ্য্য প্ৰকাশ কৰাৰ লগতে নিহত যাত্ৰীসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক ত...

October 24, 2025 6:26 PM October 24, 2025 6:26 PM

views 34

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত-তিববত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস, শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে ...

October 24, 2025 6:21 PM October 24, 2025 6:21 PM

views 69

এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল'ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজক উন্নীত কৰিবলৈ সমৰ্থ হৈছে।

October 22, 2025 3:11 PM October 22, 2025 3:11 PM

views 15

দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আৰম্ভ

● নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। অপাৰেচন সিন্দূৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই সন্মিলনে দেশৰ নেতৃবৰ্গ আৰু আমোলাসকলৰ মাজত মত বিনিময়ৰ মঞ্চ হিচাপে কাম কৰে আৰু সাম্প্ৰতিক ভূ-ৰণনীতি প্ৰেক্ষাপটত বহুমুখী প্ৰত্যাহ্বান দূৰ কৰাৰ প্ৰতি নৌসেনাবাহিনীৰ দৃষ্টিভংগী সুদৃঢ় কৰি তোলে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক ...

October 22, 2025 3:07 PM October 22, 2025 3:07 PM

views 14

গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়

■ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লেহ চমুকৈ এ বি এল আৰু কাৰ্গিল ডেমক্রেটিক এলায়েন্স চমুকৈ কে ডি এৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্রতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ...

October 22, 2025 3:00 PM October 22, 2025 3:00 PM

views 26

বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰা

● কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰাৰ জৰিয়তে মহা যুঁট বন্ধন সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহা মিত্রযোঁটে যদি ৫টা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহ'লে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ'ব আৰু এইকথা বিহাৰৰ জনসাধাৰণে বুজি পাইছে। শ্ৰী পাছোৱানে অহা ১৪ নবেম্বৰত ৰাজ্যখনত এন ডি এই চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এই সময়মতে ঘোষণা কৰা আসন ভাগ-বটোৱাৰাই ইতিবাচক বার্ত...

October 22, 2025 1:09 PM October 22, 2025 1:09 PM

views 123

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।