December 4, 2025 6:32 PM

views 32

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপত...

December 4, 2025 6:28 PM

views 21

যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্রুত উন্নয়ন হৈছে। বাণিজ্যিক বিমান বন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰে'লৱে আৰু অন্য খণ্ডসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকাশক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

December 4, 2025 6:27 PM

views 23

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। লোকসভাৰ প্রশ্নোত্তৰকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে এই কথা প্ৰকাশ কৰি কয় যে ৪ কোটিৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি থকা হৈছে। তেওঁ কয় যে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন অভিযান মুকলি কৰিছিল আৰু দেশৰ প্ৰতিটো বাসগৃহত নলযোগে খোৱা পানী যোগানৰ এয়া হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়নৰ বাবে হিমালয় আৰু উত্তৰ-পূ...

December 4, 2025 6:26 PM

views 19

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...

December 4, 2025 6:24 PM

views 19

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হয়

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। নৌসেনা বাহিনীৰ সাফল্য আৰু ভূমিকাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে ৪ ডিচেম্বৰত এই দিৱস পালন কৰা হয়। ১৯৭১ চনত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত নৌসেনা বাহিনীয়ে আজিৰ দিনটোতে পি এন এছ খাইবাৰসহ পাকিস্তানৰ ৪খন জাহাজ ধবংস কৰিছিল। এইবেলি কেৰালাৰ তিৰুৱনন্তপুৰমৰ ষণমুগম তীৰত আকর্ষণীয় প্ৰদৰ্শনেৰে নৌসেনা দিৱস পালন কৰা হৈছে। এই আয়োজনে মহাসাগৰ উদ্যমৰ অধীনত পছন্দৰ সুৰক্ষা সহযোগীৰ ভূমিকা পালন কৰাৰ প্রতি নৌসেনা বাহিনীৰ সংকল্প প্ৰতিফলিত কৰিছে। নৌসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্...

December 4, 2025 6:21 PM

views 24

আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী মোদীয়ে চিতা বাঘক পৃথিৱীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণী বুলি উল্লেখ কৰাৰ লগতে ৩ বছৰ পূৰ্বে আৰম্ভ কৰা চিতা প্ৰকল্পৰ সফলতাৰ কথা সুৱৰে। তেওঁ কয় যে প্ৰকৃতিৰ এই সুন্দৰ প্ৰাণীবিধৰ সুৰক্ষা তথা ইয়াৰ উপযোগী পৰিস্থিতি তন্ত্ৰৰ পুনৰূদ্ধাৰৰ লক্ষ্যৰে চিতা প্ৰকল্প আৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে হেৰাই যোৱা এনে ...

December 4, 2025 6:19 PM

views 18

প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলৰ পদত্যাগ

প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলে পদত্যাগ কৰিছে। তেওঁ যোৱা ২ ডিচেম্বৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়লৈ পদত্যাগ পত্ৰ পঠিয়াইছিল আৰু আজি মন্ত্ৰ্যালয়ে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৮৮ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া নৱনীত ছেহগলক ২০২৪ চনৰ মাৰ্চ মাহত প্ৰসাৰ ভাৰতীৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল। অৱশ্যে তেওঁ পদত্যাগ সম্পর্কে কোনো কাৰণ ব্যক্ত কৰা নাই৷

December 3, 2025 4:22 PM

views 27

প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব

-ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ ৮৫০ টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৩০০ টকা হিতাধিকাৰীয়ে ৰাজ সাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা হয়। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অ...

December 3, 2025 4:09 PM

views 38

দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি: ৰাষ্ট্ৰপতি

● দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক'ব পাৰি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন। দিব্যাংগসকলক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অতুলনী...

December 3, 2025 4:06 PM

views 21

ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম, ভুৱা বাতৰি আৰু কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ লেখীয়া বা-বাতৰি চিনাক্ত কৰি এইবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খচৰা নীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ লগতে সদনক জানিবলৈ দিয়...