December 6, 2025 8:13 PM December 6, 2025 8:13 PM

views 6

লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ কোৱাড ৰাষ্ট্ৰসমূহৰ গভীৰ শোক প্ৰকাশ

ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্রাসবাদক দ্বৈর্থহীনভাৱে গৰিহণা দিছে আৰু লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নতুন দিল্লীত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যগোটৰ বৈঠকত ৰাষ্ট্ৰকেইখনে সন্ত্রাসবাদক গৰিহণা দিয়ে। বৈঠকত কোৱাড ৰাষ্ট্ৰসমূহে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰম...

December 6, 2025 8:08 PM December 6, 2025 8:08 PM

views 6

দুগ্ধ উৎপাদন খণ্ডত অহা ৫ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহৰ

চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা পাঁচ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ছনাদৰত আজি বনাছ ডেইৰীৰ বায়' চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন আৰু অত্যাধুনিক ১৫০ টি ডি পি পাউডাৰ গাখীৰ তথা শিশু আহাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয় এইদৰে প্ৰকাশ কৰে। বনাছ ডেইৰীয়ে প্ৰত্যাখাৰ অর্থনীতি সফলভাৱে ৰূপায়ণ কৰা বুল উল্লেখ কৰি শ্ৰী শ্বাহে কয়, যে চৰকাৰে সমগ্ৰ দেশৰ ডেইৰী...

December 6, 2025 8:05 PM December 6, 2025 8:05 PM

views 5

তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ ইণ্ডিগো’ বিমান সংস্থাক নিৰ্দেশ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰ...

December 6, 2025 8:03 PM December 6, 2025 8:03 PM

views 5

আনুষ্ঠানিকভাৱে মুকলি একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে আয়োজন কৰা একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ আই আই এছ এফ আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দছেৰা মৈদানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাই শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা ভগাই লয়। মহাকাশচাৰী কেইগৰাকীয়ে কয়, যে দেশত বিজ্ঞান খণ্ডৰ যথেষ্ট প্ৰগতি হৈছে। তেওঁ লগতে ভাৰতীয় মহাকাশ খণ্ড সম্পৰ্কে মত প...

December 6, 2025 7:59 PM December 6, 2025 7:59 PM

views 10

২০৩০ চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সুচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্ত ...

December 6, 2025 7:57 PM December 6, 2025 7:57 PM

views 5

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্রীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পর্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল...

December 6, 2025 7:55 PM December 6, 2025 7:55 PM

views 5

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

December 6, 2025 7:52 PM December 6, 2025 7:52 PM

views 7

ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস উপলক্ষে দেশবাসীৰ সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুস্পার্...

December 6, 2025 7:31 PM December 6, 2025 7:31 PM

views 6

ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছেঃ মুখ্যমন্ত্রী

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। ...

December 6, 2025 7:13 PM December 6, 2025 7:13 PM

views 2

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...