December 4, 2025 7:24 PM

views 27

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত এই আঁচনিখনে তৃণমূল পৰ্যায়ত কাম কৰা জীৱিকা সখী, কৃষি সখী, বেংক সখীসকলৰ কামকাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী ফুকনে উল্লেখ ...

December 4, 2025 7:13 PM

views 24

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে চৰকাৰে জৰীপ সম্পন্ন কৰা এই গাঁওকেইখন বৰ্তমান চিমেন চাপৰি আৰু জামজিং সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাত গাঁওবাসীয়ে ভূমি পট্টাৰ বাবে আবেদন কৰ...

December 4, 2025 7:11 PM

views 22

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ...

December 4, 2025 7:07 PM

views 20

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত ১৪ দিনীয়া গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত আজিৰে পৰা ১৪ দিনীয়াকৈ গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ কমেও ৬০ গৰাকী মহিলাক বাচনি কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কেইবাগৰাকীও সমল ব্যক্তিয়ে এই কাৰ্যসূচীত প্রশিক্ষণ প্ৰদান কৰিছে।

December 4, 2025 7:05 PM

views 24

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ'ব। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্ৰক্ৰিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি যায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহোহো উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সকলোৰে কুশল- মংগল প্ৰাৰ্থনা কৰিছে।

December 4, 2025 7:01 PM

views 17

পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিছে। দুদিনীয়া এই মহোৎসৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, মতবাদ আৰু কৃষ্টি-সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়। আজি অনুষ্ঠিত পালনামত অসমৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। কালি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱাৰ প্ৰসংগ সংগীত- নাটক একাডেমী বঁটাপ্রাপক ৰাজ্যৰ বিশিষ্ট সত্ৰ...

December 4, 2025 6:58 PM

views 24

নগাঁও জিলা প্ৰশাসনে কাইলৈ ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত উচ্ছেদ অভিযান চলাব

নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে ...

December 4, 2025 6:57 PM

views 25

অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰাৰ লক্ষ্যৰে অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়

মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কামকাজ কাজ পর্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নির্যাতন আদি ব্যৱস্থা সম্পৰ্কেও পর্যালোচনা কৰা হয়। আ...

December 4, 2025 6:48 PM

views 20

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰি উপকৃত হ...

December 4, 2025 6:42 PM

views 28

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...