December 5, 2025 12:47 PM

views 33

নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব

● কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্রকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্রত্যক্ষ সুবিধা প্রদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। ল...

December 5, 2025 12:45 PM

views 17

বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়েঃ ড° এছ জয়শংকৰ

● বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু অবৈধ অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে। ৰাজ্যসভাত কালি ড° জয়শংকৰে কয় যে ভাৰতীয় নাগৰিকক বিতাড়নৰ সৈতে জড়িত সকলো বিষয়তে ভাৰতে আমেৰিকাৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰে। তেওঁ সদনক অৱগত কৰে যে ২০০৯ চনৰ পৰা মুঠ ১৮ হাজাৰ ৮২২ ভাৰতীয় নাগৰিকক ভাৰতলৈ বিতাড়িত কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে চ...

December 4, 2025 9:02 PM

views 19

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডা০ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ...

December 4, 2025 8:52 PM

views 28

ধেমাজি জিলাৰ কাৰেং চাপৰিত ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ কাৰেং চাপৰিত অহা ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত ২২ টা শাখাত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্রতিযোগিতাত ছহেজাৰতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া এই মহোৎসৱৰ জৰিয়তে মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়াই মূল লক্ষ্য বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।

December 4, 2025 8:50 PM

views 23

আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদুল হুছেইনৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব।

December 4, 2025 8:40 PM

views 21

ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছেঃ নিৰ্বাচন আয়োগ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৮-৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত আৰম্ভ হৈছিল। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয...

December 4, 2025 8:38 PM

views 22

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

December 4, 2025 8:03 PM

views 23

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্রালয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ২২ সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি বৈঠকৰ সময়ত দুয়োখন দ...

December 4, 2025 8:01 PM

views 21

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। লগতে এই ...

December 4, 2025 7:59 PM

views 28

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰিছে। শ্ৰীজয়ছোৱালে সামাজিক মাধ্যমযোগে কয় যে আফগানিস্তানৰ জনস্বাস্থ্য ব্যৱস্থালৈ সহায় আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে যোৱা ২৮ নৱেম্বৰত ভাৰতে আফগানিস্তানৰ তাৎক্ষণিক চিকিৎসা আৱশ্যকতা পূৰণৰ ...