November 6, 2025 2:36 PM November 6, 2025 2:36 PM

views 20

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷

November 6, 2025 11:59 AM November 6, 2025 11:59 AM

views 28

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত কৰাৰ লগতে এৰিগেইছিয়ে বুলগেৰিয়াৰ মার্টিন ভেক ২-০ ফলাফলত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হয়। হৰিকৃষ্ণাই গ্ৰেণ্ডমাষ্টাৰ আৰ্ছেনি নেষ্টৰোভক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্...

November 6, 2025 11:48 AM November 6, 2025 11:48 AM

views 18

দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি ড° জিতেন্দ্ৰ সিঙৰ

● কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ২৫ লাখৰো অধিক লোকে ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ বাবে মুখমণ্ডলৰ জৰিয়তে প্রমাণীকৰণৰ প্ৰক্ৰিয়া আঁকোৱালি লোৱা বুলি প্ৰকাশ কৰিছে। ড° সিঙে কালি নতুন দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযান ডিজিটেল ইণ্ডিয়া অনুযায়ী পেঞ্চন ধাৰকসকলৰ ডিজিটেল সৱলীকৰণৰ এটা অনন্য সুযোগ। তেওঁ কয়, যে পূৰ্বতে এনে প্ৰমাণ পত্ৰৰ বাবে বায়'মেট্ৰিকছ ব্য...

November 6, 2025 11:43 AM November 6, 2025 11:43 AM

views 20

ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি

■ ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত কালি নতুন দিল্লীত এই নীতি-নিৰ্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুড়ে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভা...

November 6, 2025 11:40 AM November 6, 2025 11:40 AM

views 20

ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব

● ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত আজি ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠীৰ উপস্থিতিত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে যে দক্ষিণ নৌসেনা কমাণ্ডত অন্তর্ভুক্ত হ'বলগীয়া এই বিশেষ শ্ৰেণীৰ জাহাজখনে ভাৰতীয় নৌসেনা বাহিনীৰ হাইড্ৰ'গ্ৰাফিক জৰীপ ক্ষমতা বৃদ্ধি কৰিব। মন্ত্রালয়ে লগতে জনাইছে যে, ইক্ষক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদর্শন। ‘ইক্ষক’ অর্থাৎ গাইড বা নির্দেশক নামটোৱে জাহাজখ...

November 6, 2025 11:37 AM November 6, 2025 11:37 AM

views 11

আমূল আৰু IFFCOক বিশ্বৰ সমবায় সংস্থাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আগশাৰীৰ সমবায় সংস্থা আমূল আৰু IFFCOক বিশ্বৰ সমবায় সংস্থাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে দেশৰ সমবায় খণ্ড যথেষ্ট গতিশীল আৰু এই খণ্ডই মানুহৰ জীৱন ধাৰণাৰ মান সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনাগত সময়ত সমবায় খণ্ডটোক আৰু অধিক উৎসাহিত কৰাৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

November 6, 2025 11:33 AM November 6, 2025 11:33 AM

views 57

বন্দে মাতৰমৰ ১৫০ বছৰীয়া বার্ষিকীৰে কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশপ্ৰেমমূলক গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব। সাংস্কৃতিক মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বাৰ্ষিকী উৎসৱৰ আয়োজন কৰিছে। অহা বছৰৰ ৭ নৱেম্বৰলৈ এই বছৰজোৰা কাৰ্যসূচী চলিব। ডেৰশ বছৰ সম্পূৰ্ণ হোৱা বন্দে মাতৰমে ৰাষ্ট্ৰবাদ, একতা তথা ব্রিটিশ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ সমূহীয়া ভাৱনাৰ প্ৰতীকৰূপে প্ৰেৰণা যোগাই আহিছে।

November 6, 2025 11:14 AM November 6, 2025 11:14 AM

views 34

বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ বাবে ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

● ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৯ নৱেম্বৰলৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে’টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে, মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত...

November 6, 2025 11:10 AM November 6, 2025 11:10 AM

views 52

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগী...

November 6, 2025 11:07 AM November 6, 2025 11:07 AM

views 30

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ

■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্‌ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভ...