December 6, 2025 7:00 PM

views 28

হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ টেলিফন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো...

December 6, 2025 6:52 PM

views 22

বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন

বিশ্বনাথ জিলাৰ বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ড০ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়৷ পুৱা পতাকা উত্তোলন, বি আৰ আম্বেদকাৰ আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত ভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বাবুল কুমাৰ মেধিক ড০ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান ...

December 6, 2025 6:37 PM

views 26

আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ কৰা মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃণ্ময় হালৈৰ সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

December 6, 2025 6:12 PM

views 22

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন ভিন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত হৈছে। হোজাই জিলাতো বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধকসকলৰ সহযোগত আজি নাজিৰ আজমল মেমৰিয়েল কলেজ অব এডুকেশ্যনৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত নিক্রিয় হৈ থকা একাউণ্টৰ ধন আত্মীয় বা উত্তৰাধিকাৰীক কে ৱাই চি দাখিল কৰি বিভাগীয় নিয়ম অনুসৰি তুলি লোৱাৰ বাবে বেংকৰ বিষয়াসকলে আহ্বান জনায়। উল্লেখযোগ্য যে হোজাইৰ বেংকত গ্ৰাহকৰ ১০ কোটিতকৈও অধিক টকা এতিয়াও জমা হৈ আছে। এই টকাস...

December 6, 2025 4:04 PM

views 25

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বলগীয়া হয়।

December 6, 2025 4:01 PM

views 28

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।

December 6, 2025 3:58 PM

views 22

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰ্জিনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপর্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব । দিল্লী বিমান বন্দৰত পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাবিক হৈ অহা বুলি প্ৰকাশ কৰা হৈছে। এটা নিৰ্দেশনাত দিল্লী বিমান বন্দৰ প্ৰাধিকৰণৰ তৰফৰ পৰা যাত্ৰীসকলক জনোৱা হ...

December 6, 2025 3:56 PM

views 20

ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছেঃ পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু

● অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কৈছে যে ইণ্ডিগ' বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছে। বিমান বন্দৰসমূহত যাত্ৰীসকলে আজিৰে পৰা অধিক সময় অপেক্ষা কৰিব নালাগিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। শ্ৰী নাইডুৱে কয় যে চৰকাৰে প্ৰথমতে বিমান বন্দৰসমূহত হৈ থকা যাত্ৰীৰ ভিৰ কমোৱাত গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত চৰকাৰে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সক্রিয়ভাৱে কাম কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক বিমান পৰিবহন মন্ত্রালয়ে শিশু, মাতৃ, ...

December 6, 2025 3:55 PM

views 20

ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱসত দেশবাসীৰ শ্ৰদ্ধা নিবেদন

● সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্রণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুস্পা...

December 6, 2025 2:58 PM

views 29

উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নতৰ লক্ষ্যৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

● ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড'ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্ৰকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰ...