December 6, 2025 8:05 PM

views 19

তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ ইণ্ডিগো’ বিমান সংস্থাক নিৰ্দেশ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰ...

December 6, 2025 8:03 PM

views 17

আনুষ্ঠানিকভাৱে মুকলি একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে আয়োজন কৰা একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ আই আই এছ এফ আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দছেৰা মৈদানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাই শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা ভগাই লয়। মহাকাশচাৰী কেইগৰাকীয়ে কয়, যে দেশত বিজ্ঞান খণ্ডৰ যথেষ্ট প্ৰগতি হৈছে। তেওঁ লগতে ভাৰতীয় মহাকাশ খণ্ড সম্পৰ্কে মত প...

December 6, 2025 7:59 PM

views 26

২০৩০ চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সুচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্ত ...

December 6, 2025 7:57 PM

views 24

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্রীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পর্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল...

December 6, 2025 7:55 PM

views 19

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

December 6, 2025 7:52 PM

views 22

ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস উপলক্ষে দেশবাসীৰ সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুস্পার্...

December 6, 2025 7:31 PM

views 27

ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছেঃ মুখ্যমন্ত্রী

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। ...

December 6, 2025 7:13 PM

views 19

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...

December 6, 2025 7:08 PM

views 21

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্রিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃ...

December 6, 2025 7:05 PM

views 18

হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাত হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধ...