November 11, 2025 6:09 PM November 11, 2025 6:09 PM

views 12

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 11, 2025 6:02 PM November 11, 2025 6:02 PM

views 10

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...

November 11, 2025 6:34 PM November 11, 2025 6:34 PM

views 14

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে...

November 11, 2025 6:30 PM November 11, 2025 6:30 PM

views 17

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 10, 2025 8:13 PM November 10, 2025 8:13 PM

views 13

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শিবিৰলৈ লৈ যোৱা হৈছে।

November 10, 2025 8:05 PM November 10, 2025 8:05 PM

views 18

সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কোহিমাত আজি বিয়লি কমনৱেল্থ সংসদীয় সংস্থাৰ ২২ সংখ্যক সন্মিলনত ভাগ লৈ সংবাদ মাধ্যমৰ আগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইকথা প্ৰকাশ কৰে। শ্ৰীবিলাই সংসদৰ মৰ্যাদা আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংসদক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দি কয় যে ইয়াৰ আলোচনা তথা গঠনমূলক বিতৰ্কত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হোৱা আৰু ৰাষ্ট্ৰৰ ...

November 10, 2025 8:00 PM November 10, 2025 8:00 PM

views 9

২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে ২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছে। ইয়াৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অধীনত ৭১.৬ শতাংশ অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থা উদ্বোধন কৰি এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা ৰপ্তানীৰ পৰিমাণ ৬,৬৯৫ কোটি টকা হৈছে বুলি উল্লেখ কৰি কয় যে ভাৰতৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থাক বিশ্বই আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, এই কথাই...

November 10, 2025 7:44 PM November 10, 2025 7:44 PM

views 13

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশখনৰ এছেম্বলিত ভাষণ দিয়াটো তেওঁৰ বাবে গৌৰৱৰ কথা। এংগোলাৰ এছেম্বলি তথা ইয়াৰ প্ৰতিনিধিসকল তথা দেশখনৰ স্বাধীনতা সংগ্ৰামে শান্তি আৰু গণতন্ত্ৰলৈ পৰ্যবেক্ষিত হোৱাটো দেশখনৰ বাবে এটা প্রশংসনীয় যাত্ৰা বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ভাৰত আৰু এংগোলাৰ মাজৰ কূটনৈতিক সম্বন্ধৰ ৪০ বছৰ হোৱা উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ তেওঁক আমন্ত্ৰণ কৰাৰ বাব...

November 10, 2025 7:34 PM November 10, 2025 7:34 PM

views 12

পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান

বজালী জিলাৰ পাঠশালাৰ সমীপৱৰ্তী ধৰমতলা গাঁৱৰ কৃষ্ণকান্ত কলিতাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। আথিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ। এগৰাকী কৃতি শিক্ষক তথা সৰবৰহী ব্যক্তি হিচাপে তেওঁ বহুলভাৱে পৰিচিত আছিল।

November 10, 2025 7:27 PM November 10, 2025 7:27 PM

views 15

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। আদালত স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটী উকীল সন্থাই আদালত বর্জন কাৰ্যসূচ...