November 17, 2025 5:14 PM November 17, 2025 5:14 PM

views 8

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে বাছখনত কেইবাগৰাকীও মহিলা তথা শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰ...

November 13, 2025 12:49 PM November 13, 2025 12:49 PM

views 21

আপত্তিজনক মন্তব্যৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ

■ ৰাজ্যত দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্ৰান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি...

November 13, 2025 1:00 PM November 13, 2025 1:00 PM

views 13

দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি দেখুৱাই ধন আদায় কৰিছিল। আৰক্ষীয়ে এই খবৰ লাভ কৰি কালি দলটোক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ধন দাবীৰ গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে। যুৱক কেইজনৰ পৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ...

November 13, 2025 12:25 PM November 13, 2025 12:25 PM

views 32

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সৰ্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্রদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে প্ৰতিবন্ধি হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে প্ৰতিবন্ধিলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত...

November 11, 2025 8:05 PM November 11, 2025 8:05 PM

views 9

থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ভালেমান পদক্ষেপ আৰু দুয়োদেশৰ মাজৰ সহযোগিতা দীর্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে কৰা ঘোষণাৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রী শ্রীমোদী দুদিনীয়া ভ্রমণসূচীৰে আজি পুৱা ভূটানত উপস্থিত হয়। ভূটানৰ ৰজা দ্রুক গেয়ালপো আৰু প্ৰধানমন্ত্রী মোদীয়ে আজি সন্ধিয়া পুনাতচাংচু দ্বি...

November 11, 2025 8:03 PM November 11, 2025 8:03 PM

views 16

হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন

হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন ভিনবেক্সৰ উদ্বোধনী অনুষ্ঠানত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু ভিয়েটনামৰ উপ মুখ্য জেনেৰেল ষ্টাফ ফুংচিটেনে যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি প্ৰকাশ কৰা অনুসৰি ভিনবেক্স হৈছে ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনৰ লক্ষ্য হৈছে আন্তঃ সঞ্চালন ক্ষমতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানসমূহত সর্বোত্তম অৱদান আগবঢ়োৱা। ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্...

November 11, 2025 7:56 PM November 11, 2025 7:56 PM

views 7

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিতঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিত বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বাস কৰা জনজাতীয় লোকসকলৰ এটা বৈচিত্ৰময় আৰু সমৃদ্ধিশালী ইতিহাস আছে। এই ইতিহাসত কিছুমান কাহিনীলৈ ৰূপান্তৰিত কৰি শিশুসকলৰ শিক্ষাৰ বাবে যুগুতাই উলিওৱাৰ লগতে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যক উদ্‌যাপন কৰাৰ যথেষ্ট থল আছে। শ্ৰীমতী ঠাকুৰে থলুৱা ভা...

November 11, 2025 7:43 PM November 11, 2025 7:43 PM

views 18

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে ১০৩ আৰু শিৱশংকৰ ৰয়ে অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰে। এলীট চি গ্ৰুপত অসমে এতিয়ালৈকে তিনিখন খেলৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ সপ্তম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ - ত্ৰিপুৰা প্ৰথম ইনিংছ - ৭ উ...

November 11, 2025 7:41 PM November 11, 2025 7:41 PM

views 14

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত ৫ দিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ ৭টা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অর্থাৎ আবিলেকৰ উদ্যোগত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা পাঁচদিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ সাতোটা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আবিলেকৰ সঞ্চালক ড০ সুদেষ্ণা ভট্টাচাৰ্যৰ সঞ্চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড০ কামালউদ্দিন আহমেদ, ভাষাতত্ব বিভাগৰ মুৰববী অধ্যাপিকা ড০ বিভা ভৰালী আৰু বিশ্ববিদ্যালয়খনৰ আৰৱী ভাষাৰ মুৰব্বী অধ্যাপক ড০ আবু বক্কৰ ছিদ্দিকি উপস্থিত থাকে। এই ...

November 11, 2025 6:57 PM November 11, 2025 6:57 PM

views 22

বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ’বঃ প্ৰধানমন্ত্ৰী মোদী

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে৷ এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...