November 17, 2025 6:34 PM November 17, 2025 6:34 PM

views 29

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্...

November 17, 2025 6:25 PM November 17, 2025 6:25 PM

views 17

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰ...

November 17, 2025 6:15 PM November 17, 2025 6:15 PM

views 12

তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জন...

November 17, 2025 6:08 PM November 17, 2025 6:08 PM

views 10

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।

November 17, 2025 5:55 PM November 17, 2025 5:55 PM

views 17

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩১ জন সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে ৬১ শতাংশই আছিল পাকিস্তানী সন্ত্রাসবাদী সম্প্ৰতি ৰাজ্যখনত শিলগুটি দলিওৱা আৰু বিক্ষোভ প্ৰদৰ্শন তথা শ্ল'গান দিয়াৰ দৰে ঘটনা সংঘটিত নোহোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়...

November 17, 2025 5:38 PM November 17, 2025 5:38 PM

views 32

কাইলৈ জুবিন গাৰ্গৰ ওপজা দিন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জু...

November 17, 2025 5:36 PM November 17, 2025 5:36 PM

views 11

ৰাজ্যৰ ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্...

November 17, 2025 5:30 PM November 17, 2025 5:30 PM

views 18

ডিব্ৰুগড়ত বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত আজি বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় সমষ্টিৰ মুঠ ২৯ গৰাকী ৰোগীক এই চেক প্ৰদান কৰা হয়। এই চেকৰ ধনে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

November 17, 2025 5:20 PM November 17, 2025 5:20 PM

views 13

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্...

November 17, 2025 5:16 PM November 17, 2025 5:16 PM

views 5

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...