November 17, 2025 8:23 PM November 17, 2025 8:23 PM

views 17

দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছেঃ কে ৰামমোহন নাইডু

দেশ দ্রুত অর্থনৈতিক উন্নয়ন আৰু বৰ্ধিত সংযোগ ব্যৱস্থাৰ বাবেই দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি নতুন দিল্লীত ৪৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ পেভিলিয়ন উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুসকলৰ মাজত অসামৰিক বিমান পৰিবহণৰ জ্ঞান প্ৰদান, কাৰিকৰী বুজাবুজি সম্প্ৰসাৰণ কৰি ভৱিষ্যতৰ বাবে দক্ষতা বৃদ্ধিক অনু...

November 17, 2025 8:18 PM November 17, 2025 8:18 PM

views 7

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠে আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডুবাই এয়াৰ শ্ব' ২০২৫ অনুষ্ঠানৰ সময়তে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক সু-ব্যৱস্থা, প্ৰতিৰক্ষাৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণৰ সহযোগিতাৰ জড়িয়তে দুয়োখন দেশৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সহযোগিতাত গুৰুত্ব আৰোপ কৰে। তদুপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশে যৌথ গৱেষণা, সহ-উন্নয়ন আৰু সহ- উৎপাদনৰ দিশত নতুনৰ অন্বেষন কৰি আগবাঢ়িবলৈও ...

November 17, 2025 8:15 PM November 17, 2025 8:15 PM

views 11

নৰৱে’ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত নৰৱে'ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত ভাৰত আৰু নৰৱে'ৰ মাজৰ স্বাস্থ্য খণ্ডৰ লগতে ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পোষকতা কৰা হয় বুলি শ্ৰীনাড্ডাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ডিজিটেল স্বাস্থ্য খণ্ডত ভাৰতৰ অগ্ৰাধিকাৰ, মানৱ সম্পদৰ উন্নয়ন, শিশু আৰু মাতৃৰ পুষ্টি আৰু বিভিন্ন ৰোগ সম্বন্ধে দুয়োখন দেশৰ সন্মিলিত গৱে...

November 17, 2025 8:03 PM November 17, 2025 8:03 PM

views 11

ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে

কেন্দ্রীয় মাইক্র', ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঞ্জীয়ে কয় যে ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এমএছএমই পেভিলিয়ন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এমএছএমইসমূহে সমগ্র দেশতে এতিয়ালৈকে ৩০ কোটিৰো অধিক লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু চৰকাৰে অহা পাঁচ বছৰত প্রায় ৬০ কোটি কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰো লক্ষ্য লৈছে। মন্ত্ৰীগ...

November 17, 2025 7:58 PM November 17, 2025 7:58 PM

views 13

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংস্থাই দেশৰ সামাজিক সুৰক্ষাৰ গাঁথনি শক্তিশালী কৰিছে। তেওঁ লগতে যুৱক-যুৱতীসকলক এই পেভিলিয়নটো দৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই পেভিলিয়নে কেনেদৰে ডিজিটেল ...

November 17, 2025 7:55 PM November 17, 2025 7:55 PM

views 11

গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-কা...

November 17, 2025 7:49 PM November 17, 2025 7:49 PM

views 22

আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙৰ পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ

ইজিপ্তৰ কাইৰোত চলিত আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙে পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে। বিশ্ব ছেম্পিয়নশ্বিপত গুৰপ্ৰীত সিঙৰ দ্বিতীয়টো পদক। ২০১৮ চনতো গুৰপ্ৰীত সিঙে বিশ্ব ছেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। গুৰপ্ৰীতৰ পদকৰ সৈতে ভাৰতে বিশ্ব ছেম্পিয়নশ্বিপত ৩ টা সোণ, ৬টা ৰূপ, ৪ টা ব্ৰঞ্জসহ ১৩ টা পদকেৰে তৃতীয় স্থান লাভ কৰি অভিযান সমাপ্ত কৰে। বিশ্ব ছেম্পিয়নশ্বিপত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে চীন আৰু কোৰিয়া৷

November 17, 2025 7:27 PM November 17, 2025 7:27 PM

views 20

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ মৃত্যুদণ্ডৰে দণ্ডিত

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক আজি বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। তেওঁৰ সৈতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রী আছাদুজ্জামানকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনক একেটা গোচৰতে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আজি ঢাকাৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ ন্যায়াধীশ গোলাম মটুজা মজুমদাৰ, ন্যায়াধীশ ছফিউল আলম মাহমুদ আৰু ন্যায়াধীশ এম এইছ এ চৌধুৰীৰ আদালতে এই ৰায়দান কৰাৰ সময়ত আদালতত উপস্থিত জনতাই হর্ষধবনিৰে এই ৰায়ৰ আদৰণি ...

November 17, 2025 7:21 PM November 17, 2025 7:21 PM

views 19

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাৰ ৩ টা সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে অনাগত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলাৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্গত ৩ টা সমষ্টিৰ সকলো ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে। চূড়ান্ত ভোটাৰ তালিকা সংশ্লিষ্ট সকলো নিৰ্বাচনী পঞ্জীয়ক বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পৌৰ সভাৰ কাৰ্যালয়, টাউন কমিটি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাওঁ পঞ্চায়তৰ কাৰ্যালয়, জিলা প্ৰশাসনৰ ৱেৱছাইট আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাইজে চাব পৰাকৈ ...

November 17, 2025 6:45 PM November 17, 2025 6:45 PM

views 20

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।