November 20, 2025 7:26 PM November 20, 2025 7:26 PM

views 10

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফনীন্দ্ৰ নাথ হালৈৰ দেহাৱসান

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকর্মী ফনীন্দ্ৰ নাথ হালৈৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ।

November 20, 2025 7:24 PM November 20, 2025 7:24 PM

views 25

বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক সম্বৰ্দ্ধনা

ইণ্ডোনেছিয়াত যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোনৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্রতিযোগিতাত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ ৪৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

November 20, 2025 7:17 PM November 20, 2025 7:17 PM

views 13

চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

  চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী-বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিবলৈও মুৰব্বী-বিষয়াসকলক আহ্বান জন...

November 20, 2025 7:14 PM November 20, 2025 7:14 PM

views 19

কামৰূপ মহানগৰ জিলাত নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লখিমী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগে যে নিউম’নিয়াৰ দৰে গুৰুতৰ ৰোগত আমাৰ দেশৰ ৫ বছৰৰ তলৰ বহু শিশু আক্ৰান্ত হোৱাৰ লগতে এই ৰোগত ভালেসংখ্যকৰ মৃত্যু হয়। সেয়েহে এই ৰোগ নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ অতি প্রয়োজন। এই উদ্দেশ্যে আজিৰ পৰা অহা বৰ্ষৰ ২৮...

November 20, 2025 7:12 PM November 20, 2025 7:12 PM

views 15

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখ...

November 20, 2025 7:01 PM November 20, 2025 7:01 PM

views 12

ধেমাজিত সদৌ অসম সত্র মহাসভাই আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ এহেজাৰ ২০০তকৈ অধিক সত্ৰ আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্ল...

November 20, 2025 4:12 PM November 20, 2025 4:12 PM

views 9

ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে

■ ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানীও ২০১৪ চনৰ এহেজাৰ কোটি টকাৰ কমৰ পৰা ২৩ হাজাৰ ৬২২ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবেই প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদন বৃদ্ধি পোৱা বুলি কোৱা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ...

November 20, 2025 4:00 PM November 20, 2025 4:00 PM

views 13

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 20, 2025 3:54 PM November 20, 2025 3:54 PM

views 21

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধৰি, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বি...

November 17, 2025 8:30 PM November 17, 2025 8:30 PM

views 12

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী- এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী- এছ ডি আৰ এফ তথা স্থানীয় প্রশাসনে কুৱেৰীটোত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধসদৃশ তৎপৰতা চলাই আছে। ৰাজ্যমন্ত্ৰী ৰবীন্দ্ৰ জয়...