December 26, 2025 8:43 PM
13
কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক দোষী সাব্যস্ত
কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক কোৱালালামপুৰ উচ্চ ন্যায়ালয়ে আজি কেইবাশ কোটিটকীয়া মালয়েছিয়া উন্নয়ন বার্হাড কেলেংকাৰিৰ গোচৰত ক'লা ধন বৈধকৰণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে। ৭২ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ২০২২ বৰ্ষৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছে।