November 24, 2025 6:42 PM November 24, 2025 6:42 PM

views 27

দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে আয়োজিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়লাভ কৰি ইতিহাস গঢ়া ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে ভাৰতীয় দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ থাকি ইতিহাস গঢ়িলে। দৃষ্টিহীন মহিলাসকলৰ এই জয় কঠোৰ, পৰিশ্ৰম দলগত প্ৰদৰ্শন আৰু নিষ্ঠাৰ উজ্জ্বল উদাহৰণ বুলিও শ্রীমোডীয়ে উল্লেখ কৰে। এই কথাই ভৱিষ্যত প্ৰজন্মক প্ৰেৰণা যোগাব বুলি প্ৰকাশ কৰি তেওঁ বিজয় দলটোক প্ৰতিযোগিতাৰ প...

November 24, 2025 6:40 PM November 24, 2025 6:40 PM

views 12

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীৰ অভিনন্দন

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে অদম্য প্ৰতিভাৰে ৯টা সোণৰ পদককে ধৰি মুঠ ২০ পদক লাভ কৰিবলৈ সমৰ্থ হ'ল। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে দেশৰ বক্সিং খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰি তুলিলে বুলিও শ্রীমোডীয়ে উল্লেখ কৰে।

November 24, 2025 6:36 PM November 24, 2025 6:36 PM

views 8

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষত পৌৰাণিক কালৰে পৰা মানুহৰ লগত সকলো জীৱৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতি সজাগ মনোভাৱ আছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য ...

November 24, 2025 6:25 PM November 24, 2025 6:25 PM

views 7

লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত হৈছিল বুলি উল্লেখ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত গৃহমন্ত্ৰী শ্বাহে কয়, যে লাচিত বৰফুকনৰ জীৱন চিৰদিনৰ বাবে দেশভক্তিৰ অনন্য প্ৰেৰণা হৈ ৰব।

November 24, 2025 6:22 PM November 24, 2025 6:22 PM

views 4

বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি

অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।

November 24, 2025 6:19 PM November 24, 2025 6:19 PM

views 26

কাইলৈ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই উপলক্ষে কালি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক-বিৰোধীয়ে কেইবাটাও বিষয়ত আলোকপাত কৰে। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ বাবে ১০খন বিধেয়ক তালিকাভুক্ত হৈছে। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। কাইলৈ বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ ...

November 24, 2025 6:15 PM November 24, 2025 6:15 PM

views 11

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তৰ শপত গ্ৰহণ

  ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্য কান্তে দায়িত্বভাৰ গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় ...

November 24, 2025 5:56 PM November 24, 2025 5:56 PM

views 24

আজি লাচিত দিৱস

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস' পালন কৰা হয়। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথ...

November 24, 2025 5:53 PM November 24, 2025 5:53 PM

views 8

ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ দেহাৱসান

ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক ১২ দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন, সফল তাৰকা হিচাপে পৰিচিত ধর্মেন্দ্ৰই প্ৰায় ৬৫ বছৰীয়া অভিনয় জীৱনত কমেও ৩০০ খন চলচ্চিত্ৰত অভিনয় কৰে। ১৯৬০ চনত দিলভি তেৰা হামভি তেৰে শীৰ্ষক চলচ্চিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটা ধর্মেন্দ্ৰই পৰৱৰ্তী চলচ্চিত্র আয়ে মিলন কি ...

November 24, 2025 5:49 PM November 24, 2025 5:49 PM

views 9

ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ’বঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্রদূত ৰিঅ’ভেন আজাৰৰ উপস্থিতিত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবল্‌ছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষি ক্ষেত্ৰত মাইলৰ খুটি বুলি মুখ্যমন্ত্রীয়ে অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোই অসমৰ কৃষিক্ষেত্রক বিশেষভাৱে শক্তিশালী কৰ...