July 11, 2024 12:52 PM

views 16

মালুৱা কান্দিগ্রাম অঞ্চলত কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে কালি সন্ধিয়া মালুৱা কান্দিগ্রাম অঞ্চলত অভিযান চলাই এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা মাদক দ্রব্যখিনিৰ মূল্য আনুমানিক ২ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বদৰপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। আজি যুৱকজনক আদালতত হাজিৰ কৰা হ'ব। ইপিনে, গোলাঘাট আৰক্ষীয়েও কালি সৰুপথাৰত অভিযান চলাই মাদক দ্রব্য সৰবৰাহকাৰী এটা দলক আটক কৰে। সৰবৰাহকাৰী দলটোৰ পৰা আৰক্ষীয়ে হেৰ'ইন জব্দ কৰে। এই ঘটনাৰ সৈ...

July 10, 2024 2:49 PM

views 21

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ্লিষ্ট পত্ৰখন ইতিমধ্যে বাতিল কৰা হৈছে। উল্লেখযোগ্য যে নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বে জাৰি কৰা জাননীখনক লৈ চৰ্চা হোৱাৰ পৰিপ...

July 6, 2024 5:46 PM

views 24

অসমৰ কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান পৰহি আৰম্ভ হৈছে। অসমত কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ হৈছে। বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমা হাচাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি সম্পূর্ণতা অভিযান কাৰ্যসূচ...

July 4, 2024 9:13 PM

views 21

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

July 4, 2024 3:01 PM

views 20

দিল্লীত ৪ দিনীয়াকৈ পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীৰ্ষক গোলকীয় অভিৱৰ্তন

■ ৰাসায়নিক আৰু পেট্‌’ কেমিকেল সচিব নিবেদিতা শুক্লা বার্মাই আজি নতুন দিল্লীত ৪ দিনীয়াকৈ আয়োজিত পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীর্ষক গোলকীয় অভিৱৰ্তন উদ্বোধন কৰে। এই অভিৱৰ্তনে উদ্যোগসমূহৰ নেতা, ষ্টার্টআপ আৰু পৰিবেশ বিশেষজ্ঞসকলক প্লাষ্টিক উদ্যোগৰ বহন ক্ষমতা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শেহতীয়া অগ্ৰগতি আৰু মতাদৰ্শসমূহ প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন বিশেষ মঞ্চ প্ৰদান কৰিব। এই প্ৰদৰ্শনীত বিভিন্ন গোটৰ অংশীদাৰসকলৰ লগতে উদ্যোগসমূহৰ নেতা, উদ্ভাৱক, নীতি নিৰ্ধাৰক...

July 2, 2024 8:34 PM

views 25

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্ত্রালয়ে কৈছে যে সন্মিলনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, কৃত্রিম বুদ্ধিমত্তা বিষেজ্ঞ আৰু নীতি প্ৰণেতাসকলে অংশগ্রহণ কৰিব। ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে সন্মিলনৰ উদ্বোধনী অনুষ্ঠ...

July 2, 2024 8:02 PM

views 28

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন

গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থা লৈছে। ইয়াৰ অধীনত কালিৰে পৰা চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক লৈ প্ৰতিটো বিধানসভা সমষ্টিত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত নৃত্...

July 2, 2024 7:54 PM

views 40

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলে বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পম খেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য ৩০ লাখ ৭৯ হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্রতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা বিকল হোৱা ফ্ৰিজৰ ভিতৰত ভৰাই ৰখা হৈছিল। শুল্ক বিভাগে মুঠ এক লাখ ৭ হাজাৰ ২০০টা চিগাৰেট জব্দ কৰে। এই সন্দৰ্ভত বিভাগে তদন্ত অব্যাহত ৰাখিছে।

July 2, 2024 7:50 PM

views 20

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপ্যতকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৰাজ্য তথা দ...

July 2, 2024 7:47 PM

views 42

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰু...