August 7, 2024 7:32 PM

views 27

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ‍ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে । নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি-গ্রেডৰ উপৰি বি-হাইগ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্র ডাক যোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে ম'বাইলত অডিচনৰ তাৰিখ আৰু সময় সম্...

August 7, 2024 7:24 PM

views 31

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি কৰিছে। আয়োগে দেশখনৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ লগতে নিজৰ বাসস্থানৰ পৰা অত্যন্ত প্ৰয়োজন নহ'লে ওলাই নাযাবলৈ পৰামৰ্শ দিছে। আয়োগে লগতে জৰুৰী অৱস্থা বা যিকোনো সহায়ৰ প্ৰয়োজন হ'লে ভাৰতীয় উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা জৰুৰীকালীন ...

August 7, 2024 5:53 PM

views 39

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা

অসম ভ্ৰমণৰত আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই সাক্ষাৎকালত মুখ্য সচিবগৰাকীক আকাশবাণী বাতৰি বিভাগৰ আকাশীবার্তা শীৰ্ষক স্মৰণিকাখনো উপহাৰ হিচাপে প্ৰদান কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনলৈ অহা শ্ৰীমতী চক্ৰৱৰ্তীয়ে কালি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ আঞ্চলিক বাতৰি বিভাগ আৰু কেন্দ্ৰটোৰ অন্য শীর্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। তেওঁ লগতে ...

August 6, 2024 9:00 PM

views 31

লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ, জৈৱ প্ৰযুক্তি প্রতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ সৈতে জড়িত তথা দ্বৈত শস্য ৰোপণত জড়িত প্রগতিশীল কৃষকসকলক কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে চলিত বছৰত অসমৰ মুঠ এহেজাৰ হেক্টৰ কৃষিভূমিত দ্বৈত শস্য ৰোপন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ...

August 6, 2024 8:10 PM

views 31

লণ্ডনৰ ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান

লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পর্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্রতিবাদ অব্যাহত থকা এলেকাসমূহ এৰাই চলিবলৈ কোৱা হৈছে। লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

August 2, 2024 3:05 PM

views 34

নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্চলটোৰ বজাৰখনত বোকো হাৰাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সংস্থাপন কৰা এটা আই ই ডি নিক্রিয় কৰিবলৈ লোৱা সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অঞ্চলটো ঘেৰি লৈ অধিক ...

July 29, 2024 6:27 PM

views 40

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে কৈছে যে, বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ, নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ প...

July 20, 2024 7:10 PM

views 28

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ...

July 20, 2024 6:49 PM

views 58

শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূ...

July 18, 2024 7:53 PM

views 44

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।