November 2, 2024 7:29 PM

views 31

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ সুশিল ৰায় বুলি চিনাক্ত কৰা হয়। ইফালে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এখন ট্রাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দেৰগাঁৱৰ কুৰালগুৰি পুৰণি চেনীকলৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত বোকাখাটৰ নিৱাসী নয়নজ্যোতি হাজৰিকা নামৰ লোকজন থিতা...

October 26, 2024 9:26 PM

views 14

ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাবে অধিক সুলভ হৈ পৰিছে। আই আই টি দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত ড° সোমনাথে অর্থনীতি, নিয়োগ যোগ্যতা আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তিৰ প্রভাৱ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শেহত...

October 26, 2024 8:01 PM

views 40

কৰিমগঞ্জৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

কৰিমগঞ্জ জিলাৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা কেন্দ্ৰসমূহত যিকোনো ধৰণৰ অবৈধ কার্যকলাপ ৰোধ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬০ নম্বৰ ধাৰা অনুযায়ী কাইলৈ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত ব্যক্তি প্ৰৱেশ আৰু অযথা ভিৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা গৃহত কোনো ধৰণৰ ইলেকট্রনিক স...

October 26, 2024 6:53 PM

views 25

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...

October 14, 2024 8:14 PM

views 16

ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ...

October 13, 2024 8:18 PM

views 35

প্রসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰিছে

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান, ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত আর্থিক অনুদান বিতৰণৰ শুভাৰম্ভকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তদুপৰি শাৰদীয় দুর্গা পূজা উদযাপনৰ বিভিন্ন বা-বাতৰি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাতৰিও আঞ্চলিক বাতৰিত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হয়৷ যোৱা ৯ অক্টোবৰৰ নিশা প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈ...

October 10, 2024 5:48 PM

views 30

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এইপর্যন্ত ৩টা সোণ, ২টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আন্তর্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে কালি ৰাজ্যখনৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে।

October 9, 2024 7:41 PM

views 18

গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ

গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে গাঁওখনৰ গোটা আৱৰ্জনাৰ লগতে গৰু-ছাগলীৰ মলো নিষ্কাষণ হৈ আছে। বায়ু গেছ উৎপন্ন কৰাৰ পিছত ৰৈ যোৱা আৱৰ্জনাখিনি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰিও স্থানীয় কৃষক উপকৃত হৈছে।

October 9, 2024 7:13 PM

views 19

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 4, 2024 11:14 AM

views 35

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।