January 7, 2025 9:00 PM

views 18

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে।

January 3, 2025 10:17 PM

views 38

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

  কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট শতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰেল আৰু তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছ এই তিনিখন ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন পথ উৰণ সেঁতু ৰাইজৰ সেৱাত ...

January 2, 2025 10:00 AM

views 20

সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ বাবে চলোৱা প্ৰচেষ্টা অব্যাহত ভাৰতৰ

● ভাৰতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সুফল দেখিবলৈ পোৱা গৈছে। শেহতীয়া তথ্য অনুসৰি ২০২০ চনত সেউজ গৃহ গেছৰ নিগমন পূৰ্বৰ বছৰৰ তুলনাত ৭.৯৩ শতাংশ হ্রাস পায়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ক অর্পণ কৰা তথ্য অনুসৰি ২০০৫ৰ পৰা ২০২০ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ক্ষেত্ৰত সেউজ গৃহ গেছ নির্গমনৰ প্রাবল্য ৩৬ শতাংশ হ্রাস পায়।

January 2, 2025 9:58 AM

views 20

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ'বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল'ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈতিক সম্বন্ধ এই সম্পৰ্কৰ মূল ভেটি। ২০০৩ চনত দেশ দুখনৰ মাজত স্বাক্ষৰিত কৌশলগত সহযোগিতা চুক্তিয়ে এই সম্পর্কক আনুষ্ঠানিক ৰূপ দিছে। এই সম্পৰ্ক বিশেষকৈ শক্তি আৰু বাণিজ্য ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে আৰ...

January 2, 2025 9:54 AM

views 27

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মীৰ আৰু লাডাখৰ ৩ হাজাৰ বছৰজোৰা ইতিহাসৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। নেশ্যনেল বুক ট্রাষ্ট আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।

January 2, 2025 9:36 AM

views 24

ভূপালৰ অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱা কণ্টেইনাৰ ট্ৰাককেইখনে কালি নিশা ৯ বজাত যাত্ৰা আৰম্ভ কৰে। ভূপাল গেছ দুর্ঘটনা সাহায্য আৰু পুনৰ্বাসন বিভাগৰ সঞ্চালক স্বতন্ত্ৰ কুমাৰ সিঙে বিষাক্ত আৱৰ্জনা লৈ যোৱা বাহনকেইখনৰ বাবে সেউজ কৰিড'ৰৰ ব্যৱস্থা কৰ...

December 26, 2024 1:11 PM

views 27

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দেশ-বিদেশৰ ৰাজনীতি-সমাজনীতি, ক্রীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত স...

December 24, 2024 1:40 PM

views 32

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন কৰক

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিতৰত সম্পূর্ণ আবেদন পত্র The Head of Office, Akashvani, Guwahati, Guwahati - 781003 লৈ পঠাব লাগিব। প্রার্থীয়ে নিজ হাতেও আবেদন পত্র জমা দিব পাৰে।

December 19, 2024 7:51 PM

views 23

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে সু-শাসন সপ্তাহ ২০২৪ উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা তথা কৰ্মশালাৰ আয়োজন কৰা হয়। চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।তামুলপুৰ জিলাতো সু-শাসন স...

December 19, 2024 5:49 PM

views 35

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপ...