January 11, 2025 8:18 PM

views 36

শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ অভিনন্দন গ্রন্থ উন্মোচন

বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ এখন অভিনন্দন গ্রন্থ আজি উন্মোচন কৰা হয়। বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ ড° চাৰু চহৰীয়া নাথে উন্মোচন কৰে। এই উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা ড° অমিয়া ভৰালী মহন্তৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। অনুষ্ঠানত লেখিকা নিৰুপমা মিশ্ৰক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।

January 11, 2025 7:24 PM

views 41

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্...

January 9, 2025 5:04 PM

views 23

আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati - 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে লগতে আকাশবাণীৰ গুৱাহাটীৰ কার্যালয়লৈ আহিও আবেদন পত্ৰ জমা দিব পাৰিব।

January 9, 2025 4:56 PM

views 30

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। চাৱৰ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকা-অৰিচা ঘাইপথৰ যাতায়ত কেইবা ঘণ্টা ধৰি ব্যাহত হৈ থাকে।

January 9, 2025 4:44 PM

views 39

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। চাৱৰ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকা-অৰিচা ঘাইপথৰ যাতায়ত কেইবা ঘণ্টা ধৰি ব্যাহত হৈ থাকে।

January 9, 2025 4:39 PM

views 28

ৰাজস্থানৰ উদয়পুৰত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কাইলৈ ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে মহিলা আৰু শিশুৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত প্রকাশ কৰিব। এই বিষয়ৰ ভালেমান প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, মতামত বিনিময় আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত এই অনুষ্ঠানত গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে।

January 9, 2025 4:27 PM

views 37

লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইৰ ফলত ৫জন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ আন্তঃগাঁথনিৰ জুইত জাহ যায়। অঞ্চলসমূহৰ পৰা ৭০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ' বাইডেনে তেওঁৰ ইটালীৰ অন্তিমটো বিদেশ ভ্ৰমণ বাতিল কৰে। লছ এঞ্জেলছত যোৱা বুধবাৰে সূত্ৰপাত হোৱা এই বনজুইয়ে আঢ্যৱন্ত এলেকা পেচিফিক পেলিচেদচকে ধৰি অনান্য অঞ্চললৈ বিয়পি পৰে। বনজুইয়ে এহেজাৰৰো অধিক সম্পত্তিৰ বিস্তৰ ক্ষতিসাধ...

January 9, 2025 1:00 PM

views 48

মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি, পুৱাৰ ভাগত মন্ত্ৰালয়ৰ বিষয়াসকলৰ অংশ গ্ৰহণেৰে চাফাই অভিযান আৰু এজোপা গছ আইৰ নামৰ শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

January 9, 2025 12:55 PM

views 25

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংছ'ৰ কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাব। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

January 9, 2025 12:40 PM

views 40

১২ জানুৱাৰীৰপৰা মহা কুম্ভমেলা

উত্তৰ প্ৰদেশত অহা ১২ জানুৱাৰীৰপৰা হ'বলগীয়া মহা কুম্ভমেলাত অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সত্ৰাধিকাৰ আৰু পুৰোহিতসকলে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনান্য ৰাজ্যৰ লগতে উত্তৰপূবৰ ৰাজ্য কেইখনক এই মেলালৈ আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই ৰাজ্যসমূহৰ পুৰোহিতসকলক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলিও ঘোষণা কৰিছে। মাজুলি দক্ষিণপাত সত্ৰ, গড়মূৰ সত্ৰকে ধৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকল এই মেলাত উপস্থিত থাকিব। একেদৰে, ত্ৰিপুৰা আৰু অন্য ৰাজ্যৰ...