February 10, 2025 11:16 AM

views 53

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

● আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদান কৰা হ'ব। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে ১ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো সুনিশ্চিত কৰিবলৈ পেলু নাশক ঔষধ খুওৱা হ'ব। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱাৰ আগত আৰু শৌচালয় ব...

February 10, 2025 11:01 AM

views 23

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপু...

February 10, 2025 10:50 AM

views 21

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক...

February 7, 2025 8:53 PM

views 22

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

February 7, 2025 8:39 PM

views 18

পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

২০১০-১১ বৰ্ষত পর্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গুৱাহাটীৰ পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায়। তদাৰকি কোষে নিযুক্তি কেলেংকাৰীৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধাপোছা কৰে। উল্লেখযোগ্য যে, ২০১০-১১ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত কেইবাগৰাকীও প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়া বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে।তদাৰকি কোষে এই সময়ছোৱাত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলকো তদন্তৰ...

January 31, 2025 3:45 PM

views 26

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আৰম্ভ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কার্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুর্মুৱে কয় যে কেন্দ্রীয় চৰকাৰে দেশ...

January 31, 2025 3:29 PM

views 22

পাঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত

পাঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্রাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্রাকখনত যাত্ৰা কৰা বহুকেইজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফদিকোটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

January 31, 2025 10:39 AM

views 41

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শ‍ইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অন...

January 30, 2025 4:26 PM

views 18

পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে বাসিন্দাসকলক স্থানান্তৰণৰ নিৰ্দেশ দক্ষিণ-পূব কর্তৃপক্ষৰ

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব কর্তৃপক্ষই পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলক স্থানান্তৰণৰ বাবে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে দেশখনৰ ভিক্টোৰিয়া প্ৰদেশৰ মেলবৰ্ণৰ পশ্চিম অংশত যোৱা সোমবাৰে বনজুইৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ভিক্টোৰিয়াৰ দুৰ্যোগকালীন সেৱাই অগ্নি নির্বাপিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত গ্রামপিয়ানছ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া চাৰিখন সৰু চহৰৰ বাসিন্দাক অন্য ঠাইলৈ স্থানান্তৰৰ নিৰ্দেশ জাৰি কৰে।

January 30, 2025 3:36 PM

views 26

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত নিশা ৯.৩০ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনব’ৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অ...