February 14, 2025 8:05 PM

views 23

এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। বৰপেটাত এটা দলীয় কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন পাতিবলৈ সাজু হৈ আছে। পৰীক্ষাৰ অন্ত হলেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

February 14, 2025 8:01 PM

views 31

ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদে সংবাদ মেল পাতি বিগত বছৰৰ দৰে এইবাৰো শিৱদৌলত শিৱৰাত্ৰী উদযাপনৰ দিহা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। শিৱদৌল উন্নয়ন পৰিষদে জনোৱা অনুসৰি শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন কৰা হ'ব। শিৱৰাত্ৰী উপলক্ষে আয়োজন কৰা মেলাত বিগত বছৰৰ দৰে এইবাৰো থলুৱা ব্যৱসায়ীৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৩০ মিনিটত পুজা আৰম্ভ হ'ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত শিৱৰাত্ৰীৰ পুজা সমাপ্ত হ'ব। দৌল পৰিষদে জন...

February 14, 2025 7:55 PM

views 10

হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমি পূজন অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগু উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধেমাজিৰ হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। লোক নিৰ্মাণ বিভাগৰ অধীন...

February 14, 2025 6:26 PM

views 20

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক-সাংবাদিক উপস্থিত থাকে।

February 12, 2025 5:03 PM

views 21

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীত ৰাজ্যখনৰ ৮ হাজাৰতকৈ অধিক চাহ বাগিচাৰ শিল্পীয়ে অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। বিভিন্ন জিলাত ইতিমধ্যে শিল্পীসকলক বাছনি ক...

February 12, 2025 5:01 PM

views 18

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আ...

February 12, 2025 4:48 PM

views 41

মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খাতিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়।

February 12, 2025 4:46 PM

views 25

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবীদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দীনপঞ্জী অনুসৰি মৰ্ঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবীদাস জয়ন্তী পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে ৰবীদাস এগৰাকী মহান সন্ত আছিল আৰু তেওঁ নিজৰ লিখনিৰ মাজেৰে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল।

February 11, 2025 2:56 PM

views 27

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেছন, বিমান পৰিবহন, পর্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্রম সম্পর্কে আভাস দিয়া হ'ব। মেল...

February 11, 2025 11:16 AM

views 38

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে ৩ জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্রী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেকট্রনি...