February 19, 2025 3:29 PM

views 27

আজি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী পালন

মহান মাৰাঠা যোদ্ধা,ৰজা ছত্রপতি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী আজি পালন কৰা হৈছে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৱনেৰী দুৰ্গত ১৬৩০ চনত জন্ম গ্রহণ কৰা ছত্রপতি শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ ভেটি স্থাপন কৰি মোগল শাসনক প্রত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰগতিশীল নেতৃত্ব,সামৰিক বুদ্ধিমত্তা,সাহস,প্ৰজ্ঞা আৰু স্বৰাজ্যৰ বাবে থকা অদম্য সাধনাৰ বাবে ছত্রপতি শিৱাজীক বহুলভাৱে প্ৰশংসা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছত্রপতি শিৱাজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীম...

February 19, 2025 3:24 PM

views 31

পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা ভাৰতৰ

ভাৰতে পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ আখ্যা দিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বিথানেনি হৰিছে কালি নিৰাপত্তা পৰিষদত কয়, যে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদী হিচাপে গণ্য কৰা ২০ টাৰো অধিক সংগঠনক আশ্রয় প্রদান কৰা সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামাবাদে সন্ত্রাসবিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰা বুলি কৰা দাবী সঁচাকৈ হাস্যস্পদ। তেওঁ কয, যে ভাৰত জেইজ এ মহম্মদ আৰু হৰকট উল মুজাহিদিনৰ দৰে কেইবাটাও গোটসমূহত সন্ত্রাসবাদী কাৰ্যকলাপৰ বলি হৈ আহিছে। কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ উপ প্র...

February 19, 2025 3:10 PM

views 35

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত-নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰ...

February 19, 2025 2:24 PM

views 30

বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে ৰাজ্যৰ নিৰ্বাচিত ৰাজহ খণ্ডত তিনিটা প্ৰজন্মৰ বা ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা লোকহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব। এই ক্ষেত্ৰত অনুসূচিত জাতি, জনজাতি আৰু ছয় জনগোষ্ঠীক তিনিটা প্ৰজন্মৰ বিধি ৰেহাই দিয়া হ'ব। তদুপ...

February 17, 2025 8:47 PM

views 24

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম।

February 17, 2025 8:41 PM

views 33

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...

February 17, 2025 8:36 PM

views 27

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে৷ একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দেশ্য পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এইধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়াই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ...

February 17, 2025 8:33 PM

views 35

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...

February 17, 2025 8:32 PM

views 28

দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য কৰে। শ্রীধনখড়ে কয়, যে বিকশিত ভাৰত এতিয়া কেৱল সপোনেই নহয় বৰঞ্চ এয়া আমাৰ লক্ষ্য। কৃষি আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে গ্রামীন অৰ্থব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে কৃষি...

February 17, 2025 8:07 PM

views 27

৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷