February 20, 2025 8:29 PM

views 42

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য মন্ত্রী অশোক সিংহালে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনত সংঘটিত ৫৭ শতাংশ আত্মহত্যাৰ ঘটনাৰ ভিতৰত পাৰিবাৰিক কাৰণত ৩৫ শতাংশ, প্রেমজনিত কাৰণত ১০ শতাংশ আৰু স্বামী-স্ত্রী কন্দলজনিত ঘটনাত ১২ শতাংশ ঘ...

February 20, 2025 8:24 PM

views 29

ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ

মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতিত বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে দাঙি ধৰি কয়, যে এই আঁচনিসমূহে ৰাইজক সৱল কৰি তোলাৰ প্ৰয়াস কৰিছে। শ্ৰীমতী কাৰাণ্ডোলাজে কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত ...

February 20, 2025 8:23 PM

views 22

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চলৈ বৃদ্ধি

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে আজি এই সম্পর্কে এখন নিৰ্দেশনা জাৰি কৰে। ড০ ভি অনন্ত নাগেশ্বৰণে ২০২২ চনৰ জানুৱাৰীত মুখ্য অর্থনৈতিক উপদেষ্টা হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷

February 20, 2025 8:20 PM

views 19

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।

February 20, 2025 8:18 PM

views 33

জোহান্সবার্গত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত উপস্থিত হৈছে। জি টুৱেণ্টি বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰৰ অংশগ্রহণে জি টুৱেণ্টি দেসসমূহৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গোলকীয় দক্ষিণৰ কণ্ঠক শক্তিশালী কৰিব ।বৈদেশিক মন্ত্ৰীসকলৰ এই বৈঠকৰ সুযোগতে ড০ এছ জয়শংকৰে ব্ৰাজিলৰ বৈদেশিক মন্ত্রী মাওৰোভিয়েৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু বিশ্...

February 20, 2025 8:16 PM

views 27

ভাৰত মণ্ডপমত কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা নীতি, ব্যৱসায় আৰু সামাজিক খণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিজৰ প্ৰেৰণাদায়ক জীৱনযাত্ৰাৰ কথা ভগাই লোৱাৰ মঞ্চ ৰূপে কাম কৰিব। সন্মিলনখনে সহযোগিতা আৰু চিন্তাধাৰাকেন্দ্ৰিক নেতৃত্বৰ বাবে অনুক...

February 20, 2025 8:01 PM

views 30

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ সংৰক্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ নতুন শিখৰ স্পর্শকৰাৰ কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়. সামাজিক মা...

February 20, 2025 7:25 PM

views 28

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ ৮২৫ গৰাকী নৃত্যশিল্পী ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহ...

February 19, 2025 3:40 PM

views 26

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি গ্ৰামীণ উন্নয়ণ মন্ত্রী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে। এই পদক্ষেপসমূহে দেশৰ অৰ্থনীতিত এটা নতুন গতি প্ৰদান কৰিছে। আজি নতুন দিল্লীত এছিয়ান আফ্রিকান গ্রামোন্নয়ন সংস্থা, AARDO ৰ কাৰ্যকৰী কমিটিৰ ৭৭সংখ্যক অধিৱেশন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। ভাৰতে AARDO ৰ জৰিয়তে জ্ঞান,কাৰিকৰী বিশেষজ্ঞতা,সফল নীতি আৰু কাৰ্যসূচীৰ আদান প্রদান অব্যাহত ৰাখিব বুলি শ্ৰী চৌহানে আশ্বাস প্রদান কৰে৷ ভা...

February 19, 2025 3:38 PM

views 17

নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ

জ্ঞানেশ কুমাৰে আজি নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। শ্ৰী কুমাৰ কালি কাৰ্যকাল সম্পূৰ্ণ হোৱা ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত হৈছে। মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত জনসাধাৰণলৈ দিয়া এটা বাৰ্তাত শ্রী কুমাৰে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম খোজেই হ'ল ভোটদান আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা প্ৰতি গৰাকী নাগৰিকে ভোটদান কৰা উচিত। তেওঁ কয যে দেশৰ সংবিধান, নির্বাচনী আইন, নিয়ম আৰু নিৰ্দেশনা অনুযায়ী নির্বাচন আয়োগে সদায় ভোটদাতাসকলৰ সৈতে আছে আৰু আগলৈয়...