August 6, 2024 8:10 PM August 6, 2024 8:10 PM

views 13

লণ্ডনৰ ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান

লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পর্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্রতিবাদ অব্যাহত থকা এলেকাসমূহ এৰাই চলিবলৈ কোৱা হৈছে। লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

August 2, 2024 3:05 PM August 2, 2024 3:05 PM

views 17

নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্চলটোৰ বজাৰখনত বোকো হাৰাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সংস্থাপন কৰা এটা আই ই ডি নিক্রিয় কৰিবলৈ লোৱা সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অঞ্চলটো ঘেৰি লৈ অধিক ...

July 29, 2024 6:27 PM July 29, 2024 6:27 PM

views 19

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে কৈছে যে, বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ, নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ প...

July 20, 2024 7:10 PM July 20, 2024 7:10 PM

views 13

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ...

July 20, 2024 6:49 PM July 20, 2024 6:49 PM

views 35

শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূ...

July 18, 2024 7:53 PM July 18, 2024 7:53 PM

views 15

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:50 PM July 18, 2024 7:50 PM

views 13

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত থাকে। এই অনুষ্ঠানত আন দুখন গ্রন্থ কাহানী ৰাষ্ট্ৰপতি ভৱন কী আৰু ৰাষ্ট্ৰপতি ভৱন, হেৰিটেজ মিটছ দ্যা প্রেজেন্ট মুকলি কৰা হয়। অ...

July 18, 2024 5:38 PM July 18, 2024 5:38 PM

views 7

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰে। এই বৃহৎ লক্ষ্য প্রাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰ্ণৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্বচ্ছ ভাৰত মিছন গ্রামীণ, অসমৰ প্ৰতিজন বিষয়াক শুভেচ্ছা জ্ঞাপন কৰে।

July 15, 2024 12:40 PM July 15, 2024 12:40 PM

views 7

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

July 13, 2024 10:33 AM July 13, 2024 10:33 AM

views 9

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন

■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ'বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰ'ব'টে নির্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামৰ ক্ৰাননিহত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্রশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰোব'কন ২০২৪ প্রতিযোগ...