August 31, 2024 8:24 PM August 31, 2024 8:24 PM
11
ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত ৰক্তদান শিবিৰ
ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিৰাঙৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া-জোৱানসকলে ৰক্তদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ৰূপম কুমাৰ তালুকদাৰে ৰক্তদান শিবিৰ মুকলি কৰে। এই শিবিৰত ৩০ জনৰো অধিক বিষয়া- কৰ্মচাৰীয়ে ৰক্তদান কৰে৷