March 27, 2025 12:21 PM

views 33

আকাশবাণী ডিব্ৰুগড়ৰ অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীৰ বিদায় সম্বৰ্ধনা

■ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তিনি দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা শৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় ২৪ বছৰৰ সেৱা আগবঢ়াই দুবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা এম হাছিম আলিকো সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপ-সঞ্চালক প্রধান কেনিয়েলো কেণ্ট ৰেংমা, আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা, অনুষ্ঠান কাৰ্যবাহী অৰুণ মৰাণকে ধৰি কে...

March 27, 2025 11:49 AM

views 18

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক অন্তৰংগ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৯ মার্চ তাৰিখে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে' শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ ১০.৩০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬টা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্রাক্তন বাতৰি পৰিৱেশক-পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠানৰ বছা বছা অংশ সেইদিনা নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰিত দৃষ্টিপাত অনুষ...

March 27, 2025 11:40 AM

views 16

১ এপ্ৰিলৰ পৰা আকাশবাণী গুৱাহাটীৰ ‘জিলাৰ ৰেহৰূপ’ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰ হ’ব

● শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্রতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অর্থাৎ ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰিত হ'ব। উল্লেখযোগ্য যে ক'ভিড কালত বিভিন্ন অনুষ্ঠানৰ সময় পৰিৱৰ্তনৰ বাবে জিলাৰ ৰেহৰূপৰ প্ৰচাৰ বন্ধ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াক সন্ধিয়া ৭ বাজি ৫ মিনিটত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

March 20, 2025 4:18 PM

views 26

বিচিচিআয়ে চলিত বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষককে ধৰি পুৰুষ দলৰ খেলুৱৈ নিৰ্বাচন সমিতিৰ সদস্য তথা আন সহযোগীসকলক এনেদৰে সন্মানিত কৰা হৈছে বুলি বি চি চি আয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা ৯ মাৰ্চত ডুমাইত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে এই ন...

March 20, 2025 4:15 PM

views 28

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্তিৰে তেওঁলোকলৈ সমৰ্থনৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্ত কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্রকাশ কৰি কয় যে আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁলোকক সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রার্থীসকলে যাতে নির্দিষ্ট সময়ত তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে প্রতি সপ্তাহতে এনে অ'পেন হাউছ আয়োজন কৰ...

March 20, 2025 4:08 PM

views 23

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰেঃ প্রহ্লাদ যোশী

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ডি এম কে দলে তামিলনাডুত নিজৰ বিফলতা লুকুৱাবৰ বাবে সংসদত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো উত্থাপন কৰিছে। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰে। লোকপিয়লৰ পাছতহে সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে।

March 20, 2025 3:57 PM

views 22

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰ ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে। এইবেলি এই যাত্ৰাৰ বাবে আধাৰৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি আগ্ৰহী ভক্তসকলে নিজৰ নিজৰ নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ বিস্তৃত তথ্য দাখিল কৰিব লাগিব। চাৰ ধাম যাত্ৰাৰ সময়ত তীর্থযাত্ৰীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে ড০ শতাংশ পঞ্জীয়ন অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰু বাকী ৪০ শতাংশ অফলাইন ব্যৱস্থাৰে সম্পন্ন কৰা হ'ব। এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে হৰিদ্বা...

March 20, 2025 3:48 PM

views 26

সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছে। কোভিড-১৯ মহামাৰী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱৰ ফলত উন্নয়নশীল দেশসমূহ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে উল্লেখ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ...

March 20, 2025 3:27 PM

views 19

ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। এই ঘটনাটোত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত নিহত দুয়োজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হ...

March 20, 2025 10:46 AM

views 24

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয়, যে গ...