March 30, 2025 7:15 PM

views 30

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্...

March 30, 2025 6:55 PM

views 20

শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত শিশুৰ আবৃত্তি কর্মশালা

● অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত আজি শিশুৰ আবৃত্তি কর্মশালা অনুষ্ঠিত হয়। পৰিষদৰ সভাগৃহত অনুষ্ঠিত কুঁহিপাত পদ্য আবৃত্তি শীর্ষক কর্মশালাখন প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্রণেতা সুমন্ত চলিহাই উদ্বোধন কৰে। কর্মশালাখনত বিশিষ্ট আবৃত্তিকাৰ, ঘোষক অৱনী বৰাই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷

March 30, 2025 6:49 PM

views 26

ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল

● ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰে ঈদ নামাজৰ বাবে ঈদগাহ আৰু মছজিদসমূহ সজাই-পৰাই তোলা হৈছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদ সজাই-পৰাই তোলা হৈছে।

March 30, 2025 6:06 PM

views 22

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। গুৱাহাটী অভিমুখী ৰে'লখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ পাছতে অসম চৰকাৰে তৎপৰতাৰে বহ্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা...

March 30, 2025 4:39 PM

views 40

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...

March 30, 2025 2:13 PM

views 38

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্য কালি যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে সেতুখন পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ কামকাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে সভাস্থলী পৰিদৰ্শন কৰে।

March 27, 2025 3:56 PM

views 11

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব। পাটনাত আজি এই কথা প্ৰকাশ কৰি আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কয়, যে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই নতুন ব্যৱস্থাৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈ দেশৰ ১১ খন জিলাত মুঠ ২৩ টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অধ্যক্ষাগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে চৰকাৰী আন্তঃগাঁথনিৰ অধীনত মুকলি কৰিবলগীয়া এই পৰামৰ্শ কেন্দ্রসমূহ সংশ্লিষ্ট জিলা প্রশাসন অথবা পৌৰ নিকায়সমূহে চোৱাচিতা কৰিব। ...

March 27, 2025 3:53 PM

views 26

অহা ৩০ মার্চত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মার্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভমুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে দিহা-পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। মন কী বাতৰ এই খণ্ডটিৰ বাবে কাইলৈ পর্যন্ত প্ৰেৰণ কৰা দিহা-পৰামৰ...

March 27, 2025 3:50 PM

views 28

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

  প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষাকালত ভূ-ভাগৰ পৰা উলম্ব উৎক্ষেপকৰ সহায়ত একেবাৰে ওচৰৰ আৰু ভূপৃষ্ঠৰ পৰা কম উচ্চতাত দ্রুতবেগেৰে অহা লক্ষ্য ভেদ কৰা হয়। ইয়াৰ জৰিয়তে ক্ষেপনাস্ত্রবিধৰ কম উচ্চতাত ওচৰৰ লক্ষ্য ভেদৰ সামর্থ্য প্রতিপন্ন হয়। এই পৰীক্ষণৰ সময়ত নিচেই কম দূৰত্বত থকা লক্ষ্যত নিখুঁটভাৱে ...

March 27, 2025 3:33 PM

views 18

শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ

■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি স্বাস্থ্যখণ্ডৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ এখন প্রতিবেদনত এনে ব্যৱস্থাৰ শলাগ লোৱা হৈছে। শিশুৰ মৃত্যুৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ জৰিয়তে ২০০০ চনৰ পৰা সংগ্ৰহ কৰা তথ্য অধ্যয়ন কৰি প্ৰস্তুত কৰা এই প্ৰতিবেদনত দেশখনত গ্ৰহণ কৰা এনে বিভিন্ন আঁচনিৰ বাবে শেহতীয়াকৈ ৫...