October 14, 2024 8:14 PM October 14, 2024 8:14 PM

views 3

ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ...

October 13, 2024 8:18 PM October 13, 2024 8:18 PM

views 16

প্রসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰিছে

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান, ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত আর্থিক অনুদান বিতৰণৰ শুভাৰম্ভকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তদুপৰি শাৰদীয় দুর্গা পূজা উদযাপনৰ বিভিন্ন বা-বাতৰি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাতৰিও আঞ্চলিক বাতৰিত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হয়৷ যোৱা ৯ অক্টোবৰৰ নিশা প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈ...

October 10, 2024 5:48 PM October 10, 2024 5:48 PM

views 10

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এইপর্যন্ত ৩টা সোণ, ২টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আন্তর্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে কালি ৰাজ্যখনৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে।

October 9, 2024 7:41 PM October 9, 2024 7:41 PM

views 11

গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ

গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে গাঁওখনৰ গোটা আৱৰ্জনাৰ লগতে গৰু-ছাগলীৰ মলো নিষ্কাষণ হৈ আছে। বায়ু গেছ উৎপন্ন কৰাৰ পিছত ৰৈ যোৱা আৱৰ্জনাখিনি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰিও স্থানীয় কৃষক উপকৃত হৈছে।

October 9, 2024 7:13 PM October 9, 2024 7:13 PM

views 11

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 4, 2024 11:14 AM October 4, 2024 11:14 AM

views 7

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

September 16, 2024 6:07 PM September 16, 2024 6:07 PM

views 9

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱন তথা আদৰ্শৰ ওপৰত আলোকপাত কৰি মিলাদ তথা ছিৰাট সন্মিলন আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবী উপলক্ষে দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পয়গম্বৰ মহম্মদৰ জীৱন দৰ্শনে প্ৰেম আৰু ভাতৃত্বৰ বোধ শক্তিশালী কৰাৰ বাবে সকলোকে উৎসাহিত কৰাৰ লগতে সমাজত সমতা আৰু সম্প্ৰীতি ৰক্ষাত অ...

September 13, 2024 8:08 PM September 13, 2024 8:08 PM

views 9

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাৰ শপতগ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাই শপতগ্ৰহণ কৰে। মাধ্যমিক শিক্ষ পৰিদৰ কাৰ্যালয়ত আয়োজিত শপতগ্রহণ অনুষ্ঠানত বোর্ডৰ অন্যান্য সদস্য সকলেও শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাগ লৈ কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি গঠন কৰা ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডখন মূলতঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে দায়বদ্ধ হ'ব। বোর্ডখনে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষাপতা, প্ৰমাণপত্ৰ দি...

September 13, 2024 5:46 PM September 13, 2024 5:46 PM

views 28

ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখনে নিয়োগৰ পৰা ১২ বছৰলৈকে ই-বাছৰ পৰিচাল...

September 12, 2024 1:04 PM September 12, 2024 1:04 PM

views 10

আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত

গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন গুৱাহাটী জিলা পুথিভঁৰালত আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ দ্রষ্টা নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্ৰজিৎ কাকতিৰ পৰিচালিত পি আই এল-৯৯ নামৰ নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ দ্বাৰা ড০ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত দ্ৰোহী, ১৪ ছেপ্তেম্বৰৰ সন্ধিয়া জাগীৰোড নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা তৰুণ তালুকদাৰ ৰচিত আৰু পৰিচালিত ই...