April 1, 2025 12:56 PM

views 30

উত্তৰ-পূৰ্বাঞ্চলক লৈ মহম্মদ ইউনুছৰ মন্তব্যক তীব্ৰভাৱে গৰিহণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক মহাসাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ড০ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকেন নেক কৰিড'ৰৰ চাৰিওফালে আৰু অধিক শক্তিশালী ৰে'ল আৰু পথৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উত্তৰ-পূৱক মূল ভাৰতৰ সৈতে সংযোগ কৰাৰ বিকল্প পথসমূহৰ অন্বেষণ সন্দৰ্ভত ...

April 1, 2025 12:49 PM

views 27

গহপুৰত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ সামৰণি

● গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ থলী কন কন শিশুসকলৰ মাতত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা ম‍ইনা পাৰিজাতৰ পৰা অহা প্ৰায় ৩০০ৰো অধিক শিশু আৰু শিশুপ্রেমী ব্যক্তিৰ উপস্থিতিত কালি মূল সভাখন অনুষ্ঠিত হয়। সভাখনত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰা, মুখ্য অতিথি, নগাঁও জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতি আৰু সদৌ অ...

April 1, 2025 11:57 AM

views 36

সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’বঃ গুৱাহাটী পৌৰ নিগম

● গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ'ব বুলি প্ৰকাশ কৰিছে। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে একাংশ লোকে আহ্বান জনাইছিল যদিও নিগমে সময়সীমা বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। আজিৰেপৰা অতিৰিক্ত ২০ শতাংশ কৰ আদায় কৰা হ'ব বুলিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। নিগমৰ সূত্ৰই প্ৰকাশ কৰা মতে এটা বিত্তীয় বৰ্ষৰ সম্পত্তিৰ কৰ ৩১ মাৰ্চৰ ভিতৰত জমা দিব লাগে। যিসকলে কালিৰ ভিতৰত এই কৰ জমা দিয়া নাই তেওঁলোকৰ পৰা অতিৰিক্ত ২০ শতাংশ জৰিমণা আদায় কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে...

April 1, 2025 11:48 AM

views 14

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী

● কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ - পি এফ আৰ ডি এ-য়ে শেহতীয়াকৈ এই আঁচনিৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তিনিটা গোটৰ সৈতে সম্পর্কিত নীতি-নির্দেশনাসমূহ প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথম শ্ৰেণীত ২০২৫ চনৰ ১ এপ্ৰিললৈকে সেৱাত জড়িত থকা আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰে সামৰি লোৱা বৰ্তমানৰ কেন্দ্ৰীয় চ...

April 1, 2025 11:29 AM

views 25

ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি অসম চৰকাৰৰ

● কৃষকৰ আয় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কৃষি বিভাগে জনোৱা অনুসৰি সংগৃহীত ধানৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ২৫০ টকাকৈ আৰু সৰিয়হত প্ৰতি কুইণ্টলত ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে এতিয়াৰে পৰা ধানত পূৰ্বৰ নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্য ২,৩০০ টকাৰ পৰা ৩,৫৫০ টকালৈ আৰু সৰিয়হত ৫,৯৫০ টকাৰ পৰা ৬,৪৫০ টকালৈ বৃদ্ধি পাব।

April 1, 2025 10:37 AM

views 35

৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী

● অহা ৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথত আয়োজিত অনুষ্ঠানত প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ লগতে বি টি আৰ নিৰ্বাচনৰ বাবেও ৰাজ্যিক বিজেপিয়ে যাৱতীয় তৎপৰতা আৰম্ভ কৰিছে। এই অনুসৰি কালি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩১ খন জিলাত প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিয়োগ কৰিছে। ১৪ গৰাকী মন্ত্ৰীক জিলা প্ৰভাৰীৰ বিশেষ নির্বাচনী দায়িত্ব অর্পণ কৰা হৈছে। তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ...

March 30, 2025 10:07 PM

views 29

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্রগতি ত্বৰান্বিত হয় বুলিও তেওঁ প্ৰকাশ কৰে। পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰিবলৈ তেওঁ নাগৰিকসকললৈ আহ্বান জনায়। কোনো ব্যক্তি, গোট তথা এখন দেশে অকলে পৰিৱেশৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তেওঁ প্ৰকাশ কৰে।

March 30, 2025 10:03 PM

views 18

ছটিশগড়ৰ বিজাপুৰ জিলাত ৫০ গৰাকী মাওবাদীৰ আত্মসমৰ্পণ

■ ছটিশগড়ৰ বিজাপুৰ জিলাত আজি ৫০ গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত ১৩ গৰাকীৰ বাবে ইতিমধ্যে ৬৮ লাখ টকা ঘোষণা কৰা হৈছিল। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎসংখ্যক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চায়ে কয়, যে বাষ্টাৰৰ দুৰ্গম অঞ্চলসমূহত শিক্ষা তথা স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণৰ লগতে নতুন নিৰাপত্তা শিবিৰ আৰু পথ নিৰ্মাণৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰৰ প্ৰতি জনসাধ...

March 30, 2025 9:27 PM

views 13

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক সম্বোধন কৰাৰ পাছত শ্ৰী শ্বাহে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ চৰকাৰী বাসগৃহত এই নেতাসকলৰ সৈতে মিলিত হৈ বিহাৰ বিধানসভা নির্বাচন সম্পর্কীয় বিভিন্ন বিষয়ৰ লগতে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য ...

March 30, 2025 8:53 PM

views 18

বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত

● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে'লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰে’লখন বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখে আহি আছিল। ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। চিকিৎ‍সা সাহায্যৰ বিশেষ গোট, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অগ্নি নির্বাপক বাহিনীৰ লোক তথা ৰে'ল ...