November 14, 2024 9:29 AM November 14, 2024 9:29 AM

views 3

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ সকলো কোচিং প্রতিষ্ঠানলৈ নীতি-নিৰ্দেশনা

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কৈছে যে অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সকলো কোচিং প্রতিষ্ঠানে নিজৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰকাশ কৰিব লাগিব। বিভিন্ন কোচিং ইনষ্টিটিউটে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে নতুন দিল্লীত গ্রাহক পৰিক্ৰমা সচিব নিধি খাৰে এই নীতি-নিৰ্দেশনা জাৰি কৰে।

November 12, 2024 1:13 PM November 12, 2024 1:13 PM

views 10

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অহা ১৭ নৱেম্বৰৰ নিশা ৯.৩০ বজাত নতুন দিল্লীৰ পৰা হিন্দীত আৰু দেশৰ ৫৯১ টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ’ব।

November 7, 2024 8:23 PM November 7, 2024 8:23 PM

views 18

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক...

November 7, 2024 8:21 PM November 7, 2024 8:21 PM

views 10

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে। ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া কৌশলগত দ্বিপাক্ষিক সহযোগিতাই বিশেষ ভূমিকা পালন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ড০ জয়শংকৰে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ লগতে ছিডনীৰ নিউ ছাউথ ৱেলছৰ সাংসদ গৰাকীকো দেখা কৰে। তেওঁ...

November 7, 2024 7:39 PM November 7, 2024 7:39 PM

views 12

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰৰ যোগদান

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে যোগদান কৰিছে। শ্ৰী বৰঠাকুৰে আকাশবাণী গুৱাহাটীৰ লগতে কেন্দ্রীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়তো আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিব। আজি কাৰ্যালয়ত যোগদান কৰাৰ পাছত তেওঁ আকাশবাণীৰ বাতৰি বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ আঞ্চলিক বাতৰিৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয় লৈ আলোচনা কৰে।

November 6, 2024 12:50 PM November 6, 2024 12:50 PM

views 7

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰৰে গুৱাহাটীত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহসচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগ...

November 2, 2024 7:29 PM November 2, 2024 7:29 PM

views 16

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ সুশিল ৰায় বুলি চিনাক্ত কৰা হয়। ইফালে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এখন ট্রাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দেৰগাঁৱৰ কুৰালগুৰি পুৰণি চেনীকলৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত বোকাখাটৰ নিৱাসী নয়নজ্যোতি হাজৰিকা নামৰ লোকজন থিতা...

October 26, 2024 9:26 PM October 26, 2024 9:26 PM

views 6

ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাবে অধিক সুলভ হৈ পৰিছে। আই আই টি দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত ড° সোমনাথে অর্থনীতি, নিয়োগ যোগ্যতা আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তিৰ প্রভাৱ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শেহত...

October 26, 2024 8:01 PM October 26, 2024 8:01 PM

views 18

কৰিমগঞ্জৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

কৰিমগঞ্জ জিলাৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা কেন্দ্ৰসমূহত যিকোনো ধৰণৰ অবৈধ কার্যকলাপ ৰোধ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬০ নম্বৰ ধাৰা অনুযায়ী কাইলৈ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত ব্যক্তি প্ৰৱেশ আৰু অযথা ভিৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা গৃহত কোনো ধৰণৰ ইলেকট্রনিক স...

October 26, 2024 6:53 PM October 26, 2024 6:53 PM

views 14

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...