November 30, 2024 7:22 PM November 30, 2024 7:22 PM

views 12

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আৰু সমাজৰ বিভিন্ন শ্রেণীৰ লোকে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটি প্রযোজনা কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

November 30, 2024 7:18 PM November 30, 2024 7:18 PM

views 9

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত জিলাখনৰ আয়ুক্ত সুমিত চট্টাৱানে এই বিষয়ে প্ৰকাশ কৰে। মহানগৰীৰ এখন জিলা চিকিৎ‍সালয়, এটা সমূহীয়া স্বাস্থ্য কেন্দ্র, দুখন প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু ৪৭ টা প্ৰাথমি...

November 30, 2024 6:15 PM November 30, 2024 6:15 PM

views 17

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ'ব লাগিব। SOCIAL MEDIA অর্থাৎ সামাজি...

November 29, 2024 8:29 PM November 29, 2024 8:29 PM

views 13

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয...

November 29, 2024 8:13 PM November 29, 2024 8:13 PM

views 12

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বা...

November 29, 2024 6:26 PM November 29, 2024 6:26 PM

views 13

সদনৰ শীতকালীন অধিৱেশনত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

সদনৰ শীতকালীন অধিৱেশন আজি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্রী ধনখড়ে ...

November 28, 2024 8:37 PM November 28, 2024 8:37 PM

views 10

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূর্ব চৰ্ত স্বৰূপ। নতুন দিল্লী মহলে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ কৈ আহিছে বুলি তেওঁ মন্তব্য কৰে।

November 28, 2024 8:10 PM November 28, 2024 8:10 PM

views 9

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল আৰু নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়ৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা নীতিনিষ্ঠ, আপোচহীন সাংবাদিকগৰাকীৰ মৃ...

November 16, 2024 7:30 PM November 16, 2024 7:30 PM

views 14

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ অমীমাংসিতভাৱে সামৰণি

বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত চাৰিদিনীয়া খেলখনত অসমে প্রথমে বেট ধৰি ২৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ঝাখণ্ডে প্রথম ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দ্ব...

November 14, 2024 12:31 PM November 14, 2024 12:31 PM

views 14

১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত অহা ১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ঠ চলচ্চিত্র সমালোচক নয়ন প্রসাদ আৰু বিতুপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পা...