January 2, 2025 9:54 AM January 2, 2025 9:54 AM

views 9

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মীৰ আৰু লাডাখৰ ৩ হাজাৰ বছৰজোৰা ইতিহাসৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। নেশ্যনেল বুক ট্রাষ্ট আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।

January 2, 2025 9:36 AM January 2, 2025 9:36 AM

views 9

ভূপালৰ অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱা কণ্টেইনাৰ ট্ৰাককেইখনে কালি নিশা ৯ বজাত যাত্ৰা আৰম্ভ কৰে। ভূপাল গেছ দুর্ঘটনা সাহায্য আৰু পুনৰ্বাসন বিভাগৰ সঞ্চালক স্বতন্ত্ৰ কুমাৰ সিঙে বিষাক্ত আৱৰ্জনা লৈ যোৱা বাহনকেইখনৰ বাবে সেউজ কৰিড'ৰৰ ব্যৱস্থা কৰ...

December 26, 2024 1:11 PM December 26, 2024 1:11 PM

views 12

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দেশ-বিদেশৰ ৰাজনীতি-সমাজনীতি, ক্রীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত স...

December 24, 2024 1:40 PM December 24, 2024 1:40 PM

views 14

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন কৰক

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিতৰত সম্পূর্ণ আবেদন পত্র The Head of Office, Akashvani, Guwahati, Guwahati - 781003 লৈ পঠাব লাগিব। প্রার্থীয়ে নিজ হাতেও আবেদন পত্র জমা দিব পাৰে।

December 19, 2024 7:51 PM December 19, 2024 7:51 PM

views 9

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে সু-শাসন সপ্তাহ ২০২৪ উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা তথা কৰ্মশালাৰ আয়োজন কৰা হয়। চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।তামুলপুৰ জিলাতো সু-শাসন স...

December 19, 2024 5:49 PM December 19, 2024 5:49 PM

views 8

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপ...

December 18, 2024 2:07 PM December 18, 2024 2:07 PM

views 11

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘৰ

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘেই দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা কৰিছে। কলম্বোত জাৰি কৰা এটা বিবৃতিত প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাৰাজিৰ প্ৰতি আদৰণি জনাইছে আৰু এই যুটীয়া বিবৃতিটোৱে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সহযোগিতা সুদৃঢ় কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়কেৰ মাজত অনুষ্ঠিত সৰ্বাত্মক আলোচনাৰ পাছত এই যুটীয়া বিবৃতিটো জাৰি কৰা হৈছিল৷

December 18, 2024 10:37 AM December 18, 2024 10:37 AM

views 12

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কালি চলিত বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে। সমিতিয়ে বিগত বৰ্ষৰ পৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত তেওঁৰ মৃত্যু তিথি ১৭ ডিচেম্বৰৰ দিনা অসমৰ একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। কালি বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা প্ৰম...

December 13, 2024 6:28 PM December 13, 2024 6:28 PM

views 9

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জাৰ্মানীৰ ব'চামৰ ৰুৰ বিশ্ববিদ্যালয় আৰু কল্যাণী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা ড০ চৌধুৰী এগৰাকী প্ৰসিদ্ধ অজৈৱ ৰসায়নবিদ হিচাপে দেশ বিদেশত পৰিচিত আছিল। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে দেশৰ কেইবাখনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৬০ চৌধুৰীয়ে অধ্যাপকৰূপ...

November 30, 2024 7:27 PM November 30, 2024 7:27 PM

views 17

কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জ্ঞানৰ ই-কক্ষ মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত জ্ঞানৰ ই-কক্ষ মুকলি কৰে। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও শিক্ষার্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ই-কক্ষ মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ ভিডিঅ' পাঠদান এই ইউটিউব চেনেলত উপলব্ধ হ'ব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা অসমীয়া ভাষাত সকলো পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা হৈছে ব...