January 8, 2025 8:53 PM January 8, 2025 8:53 PM

views 15

৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা মন্ত্রী পীয়ূষ হাজৰিকাৰ

ধেমাজি জিলাৰ জোনাই অঞ্চলত বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি প্রায় ৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং লালী নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা হ'ব। জোনাইৰ গালিঘাটত মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান সমস্যা নিয়ন্ত্ৰণ কৰি ভূমি আৰু জনজীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। উল...

January 8, 2025 8:52 PM January 8, 2025 8:52 PM

views 3

২৯ জানুৱাৰীত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৯ জানুৱাৰীত সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত এনে যুৱ সংসদ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাতো এই সংসদৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক সংসদৰ গুৰুত্ব আৰু গৰিমা, সংসদীয় কার্যপ্রণালী, বিভিন্ন নিয়মাৱলী, প্রয়োজনীয় আচাৰ-ব্যৱহাৰ আদি সম্পৰ্কে ব্যৱহাৰিক আভাস দিয়াৰ ...

January 8, 2025 8:36 PM January 8, 2025 8:36 PM

views 7

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বিধেয়ক দুখন হৈছে-১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪। বৈঠকত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিধায়িনী বিভাগৰ প্রতিনিধিসকলে সদস্যসকলে প্ৰস্তাৱিত বিধেয়ক দুখনৰ বিভিন্ন দিশসমূহৰ বিষয়ে অৱগত কৰে। বৈঠকৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ বিজেপিৰ সাংসদ পি পি চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে এই সমিতিয়ে আইন বিশেষজ্ঞ, ন...

January 8, 2025 8:30 PM January 8, 2025 8:30 PM

views 11

দিল্লীত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙৰ অংশগ্ৰহণ

নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা এইবছৰৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এন চি চিয়ে প্রশংসনীয় কাম কৰি আছে। তেওঁ এন চি চিক দেশ গঠনৰ দিশত প্ৰশিক্ষণপ্ৰাপ্ত যুৱ মনৰ কেন্দ্ৰ আখ্যা দি সুখ প্ৰকাশ কৰে। শ্রীসিঙে যুৱ প্ৰজন্মক এন চি চিত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নক আগবঢ়াই নিয়াৰ বাবে উৎসাহ যোগায়। এন চি চিয়ে নিস্বাৰ্থ সেৱা, দেশপ্রেম, নেতৃত্ব, অনুশাসন আদিৰ দক্ষতা প্ৰদানত সহায় কৰে ...

January 8, 2025 8:26 PM January 8, 2025 8:26 PM

views 3

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত হোৱাইট হাউচত ব্যৱস্থাপনা আৰু বাজেট বিভাগত কৰ্মৰত আছিল। উল্লেখযোগ্য যে, যোৱা বছৰৰ ৫ নৱেম্বৰত ভার্জিনিয়াত সাধাৰণ নিৰ্বাচন অনষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহ...

January 8, 2025 7:45 PM January 8, 2025 7:45 PM

views 12

মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কৰে। অনুষ্ঠানৰ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেগল, প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্রসাদ, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌৰ উপস্থিত থাকে। অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত মহাকুম্ভ অনুষ্ঠিত হ'ব।

January 7, 2025 9:00 PM January 7, 2025 9:00 PM

views 7

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে।

January 3, 2025 10:17 PM January 3, 2025 10:17 PM

views 18

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

  কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট শতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰেল আৰু তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছ এই তিনিখন ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন পথ উৰণ সেঁতু ৰাইজৰ সেৱাত ...

January 2, 2025 10:00 AM January 2, 2025 10:00 AM

views 11

সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ বাবে চলোৱা প্ৰচেষ্টা অব্যাহত ভাৰতৰ

● ভাৰতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সুফল দেখিবলৈ পোৱা গৈছে। শেহতীয়া তথ্য অনুসৰি ২০২০ চনত সেউজ গৃহ গেছৰ নিগমন পূৰ্বৰ বছৰৰ তুলনাত ৭.৯৩ শতাংশ হ্রাস পায়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ক অর্পণ কৰা তথ্য অনুসৰি ২০০৫ৰ পৰা ২০২০ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ক্ষেত্ৰত সেউজ গৃহ গেছ নির্গমনৰ প্রাবল্য ৩৬ শতাংশ হ্রাস পায়।

January 2, 2025 9:58 AM January 2, 2025 9:58 AM

views 13

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ'বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল'ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈতিক সম্বন্ধ এই সম্পৰ্কৰ মূল ভেটি। ২০০৩ চনত দেশ দুখনৰ মাজত স্বাক্ষৰিত কৌশলগত সহযোগিতা চুক্তিয়ে এই সম্পর্কক আনুষ্ঠানিক ৰূপ দিছে। এই সম্পৰ্ক বিশেষকৈ শক্তি আৰু বাণিজ্য ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে আৰ...