January 9, 2025 4:44 PM January 9, 2025 4:44 PM

views 16

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। চাৱৰ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকা-অৰিচা ঘাইপথৰ যাতায়ত কেইবা ঘণ্টা ধৰি ব্যাহত হৈ থাকে।

January 9, 2025 4:39 PM January 9, 2025 4:39 PM

views 15

ৰাজস্থানৰ উদয়পুৰত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কাইলৈ ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে মহিলা আৰু শিশুৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত প্রকাশ কৰিব। এই বিষয়ৰ ভালেমান প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, মতামত বিনিময় আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত এই অনুষ্ঠানত গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে।

January 9, 2025 4:27 PM January 9, 2025 4:27 PM

views 16

লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইৰ ফলত ৫জন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ আন্তঃগাঁথনিৰ জুইত জাহ যায়। অঞ্চলসমূহৰ পৰা ৭০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ' বাইডেনে তেওঁৰ ইটালীৰ অন্তিমটো বিদেশ ভ্ৰমণ বাতিল কৰে। লছ এঞ্জেলছত যোৱা বুধবাৰে সূত্ৰপাত হোৱা এই বনজুইয়ে আঢ্যৱন্ত এলেকা পেচিফিক পেলিচেদচকে ধৰি অনান্য অঞ্চললৈ বিয়পি পৰে। বনজুইয়ে এহেজাৰৰো অধিক সম্পত্তিৰ বিস্তৰ ক্ষতিসাধ...

January 9, 2025 1:00 PM January 9, 2025 1:00 PM

views 16

মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি, পুৱাৰ ভাগত মন্ত্ৰালয়ৰ বিষয়াসকলৰ অংশ গ্ৰহণেৰে চাফাই অভিযান আৰু এজোপা গছ আইৰ নামৰ শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

January 9, 2025 12:55 PM January 9, 2025 12:55 PM

views 7

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংছ'ৰ কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাব। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

January 9, 2025 12:40 PM January 9, 2025 12:40 PM

views 12

১২ জানুৱাৰীৰপৰা মহা কুম্ভমেলা

উত্তৰ প্ৰদেশত অহা ১২ জানুৱাৰীৰপৰা হ'বলগীয়া মহা কুম্ভমেলাত অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সত্ৰাধিকাৰ আৰু পুৰোহিতসকলে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনান্য ৰাজ্যৰ লগতে উত্তৰপূবৰ ৰাজ্য কেইখনক এই মেলালৈ আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই ৰাজ্যসমূহৰ পুৰোহিতসকলক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলিও ঘোষণা কৰিছে। মাজুলি দক্ষিণপাত সত্ৰ, গড়মূৰ সত্ৰকে ধৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকল এই মেলাত উপস্থিত থাকিব। একেদৰে, ত্ৰিপুৰা আৰু অন্য ৰাজ্যৰ...

January 9, 2025 10:50 AM January 9, 2025 10:50 AM

views 9

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা – নেট বাধ্যতামূলক নহ’ব

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক, শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীৰ পদোন্নতিৰ নতুন নিয়মাৱলীৰ খচৰা প্ৰকাশ কৰিছে। এই নিয়মাৱলী অনুসৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা - নেট বাধ্যতামূলক নহ'ব। বর্তমান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ বাবে নেট বাধ্যতামূলক হৈ আছে। নেট অবিহনে সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিবলৈ সকলো শাখাৰ ক্ষেত্ৰত স্নাতকোত্তৰ পৰীক্ষাত কমেও ৫৫ শতাংশ নম্বৰ লাভ কৰি...

January 8, 2025 9:11 PM January 8, 2025 9:11 PM

views 9

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্রমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ ২১ জন ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্রমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূর্ণকৈ উলিয়াই পঠিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্...

January 8, 2025 9:08 PM January 8, 2025 9:08 PM

views 3

তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি জেপি নাড্ডাৰ

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎ প্রসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭৬ চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়...

January 8, 2025 9:05 PM January 8, 2025 9:05 PM

views 20

নাগালেণ্ডৰ মুককচাং জিলাত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক উদ্ধাৰ

নাগালেণ্ডৰ মুককচাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে যোৰহাট জিলাৰ টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ মুককচাং জিলাৰ য়া-চাং-চি বস্তিলৈ যোৱা ১৬ জনীয়া আৰক্ষীৰ দলটোক গাঁওখনৰ একাংশ নগালোকে আক্ৰমণ কৰে আৰু ইয়াৰ ফলত একাদশ অসম আৰক্ষী বেটেলিয়ানৰ জোৱানৰ বিদ্যুৎ দাস গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই নাগালেণ্...