January 22, 2025 8:00 PM January 22, 2025 8:00 PM

views 8

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু ৩ জন লোক আক্ৰান্ত

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু তিনিজন লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে কালি এজন ২৫ বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত গাঁওখনত আৰু দুজন লোকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা দিয়াত তেওঁলোকক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ৰজৌৰী জিলা প্ৰশাসনে বাঢাল অঞ্চলটোক ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ এলে...

January 11, 2025 9:00 PM January 11, 2025 9:00 PM

views 17

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহৰ পৰ্যালোচনা মন্ত্রী পিযুষ হাজৰিকাৰ

ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ আজি জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্র, বুঢ়িদিহিং, বেকীকে ধৰি কেইবাখনো নৈৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰো তেওঁ পৰ্যালোচনা কৰে। তদুপৰি জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হাইড্ৰ’...

January 11, 2025 8:46 PM January 11, 2025 8:46 PM

views 18

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাইঃ ডাঃ অভিজিত শৰ্মা

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি ২০০১ চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয়, যে এইচ এম পি ভাইৰাছত সাধাৰণতে ৫ বছৰৰ তলৰ শিশুহে আক্রান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গাত জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। তেওঁ সকলোকে সতর্কতামূলক ব্যৱস্থাসমূহৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। লগতে অসুস্থ লোকসকলক জনসমাগম পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ জ্বৰ...

January 11, 2025 8:42 PM January 11, 2025 8:42 PM

views 9

১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দিছপুৰ প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আজি নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে এই কথা সদৰি কৰে। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকিব। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথিতয...

January 11, 2025 8:26 PM January 11, 2025 8:26 PM

views 17

পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আৰম্ভ

নগাওঁ জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হৈছে। এই উপলক্ষে আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়ন আৰু বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ দুখন মূল পতাকাৰ লগতে ৯৫ খন পতাকা উত্তোলন কৰে। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি তৰ্পন আৰু গুৰু পূজনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

January 11, 2025 8:22 PM January 11, 2025 8:22 PM

views 19

মাজুলীৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি

মাজুলী জিলাৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জ্যোতি সংগীতৰ স্বৰলিপিৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া হয়। সংগীতশিল্পী মিতালী গোস্বামীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও জ্যোতি সংগীত গোৱাৰ প্ৰশিক্ষণ দিয়ে।

January 11, 2025 8:18 PM January 11, 2025 8:18 PM

views 14

শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ অভিনন্দন গ্রন্থ উন্মোচন

বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ এখন অভিনন্দন গ্রন্থ আজি উন্মোচন কৰা হয়। বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ ড° চাৰু চহৰীয়া নাথে উন্মোচন কৰে। এই উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা ড° অমিয়া ভৰালী মহন্তৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। অনুষ্ঠানত লেখিকা নিৰুপমা মিশ্ৰক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।

January 11, 2025 7:24 PM January 11, 2025 7:24 PM

views 13

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্...

January 9, 2025 5:04 PM January 9, 2025 5:04 PM

views 6

আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati - 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে লগতে আকাশবাণীৰ গুৱাহাটীৰ কার্যালয়লৈ আহিও আবেদন পত্ৰ জমা দিব পাৰিব।

January 9, 2025 4:56 PM January 9, 2025 4:56 PM

views 11

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। চাৱৰ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকা-অৰিচা ঘাইপথৰ যাতায়ত কেইবা ঘণ্টা ধৰি ব্যাহত হৈ থাকে।