January 27, 2025 4:43 PM January 27, 2025 4:43 PM

views 12

পথৰুঘাটত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষি মেলা উদ্বোধন, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক ছহিদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্রিত প্রেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক ছহিদ বাকৰিত পথৰুঘাটে ৰিঙিয়ায় শীৰ্ষক প্ৰাইজমাণি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ দিনটোতেই প্রবীণ ...

January 27, 2025 3:38 PM January 27, 2025 3:38 PM

views 15

একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত

মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ইটালীৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৯৯২-৯৩ বৰ্ষত জিম কুৰিয়ৰৰ পিছত একাধিক অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। তৃতীয়খন গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলা ছিনাৰৰ এইটো তৃতীয়টো বৃহৎ খিতাপইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ফাইনেলত আমেৰিকাৰ টেইলৰ টাউনচেণ্ড আৰু চেক খেলুৱৈ কেটেৰিন...

January 27, 2025 3:10 PM January 27, 2025 3:10 PM

views 13

কেৰেলাৰ কোঝিকড়ৰ থিকৌৰী সমুদ্ৰ তীৰত ঢৌত উটি যোৱাৰ ফলত দুগৰাকী মহিলাসহ মুঠ ৪ গৰাকী লোকৰ মৃত্যু

কেৰেলাৰ কোঝিকড়ৰ থিকৌৰী সমুদ্ৰ তীৰত কালি বিয়লি ঢৌত উটি যোৱাৰ ফলত দুগৰাকী মহিলাসহ মুঠ ৪ গৰাকী লোকৰ মৃত্যু হয়। ৱাইনাড জিলাৰ কলপেট্টাৰ বাসিন্দা ৫ গৰাকী সদস্যৰ এটা দলে কালি সমুদ্র তীৰ দৰ্শনৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোক আৰু মাছমৰীয়াই দলটোৰে এগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হ'লেও আন ৪গৰাকীক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰা দলটোৰ একমাত্ৰ সদস্যগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

January 27, 2025 3:08 PM January 27, 2025 3:08 PM

views 10

উত্তৰাখণ্ডত আজিৰে পৰা উমৈহতীয়া দেৱানী বিধি বলবৎ

আজিৰে পৰা উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই আইন ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, যে ইয়াৰ বাবে নিয়ম অনুমোদন আৰু চৰকাৰী প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।উমৈহতীয়া দেৱানী বিধিৰ লক্ষ্য হৈছে- ব্যক্তিগত নাগৰিক আইনসমূহক মান সন্মতকৰণ কৰা, সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধিৰ অধীনত জাতি, ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্যমূলক ব্যক্তিগত নাগৰিক বিষয়ৰ সৈতে জ...

January 27, 2025 3:01 PM January 27, 2025 3:01 PM

views 14

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 24, 2025 7:53 PM January 24, 2025 7:53 PM

views 13

গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯.৪০ মিনিটৰ পৰা প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ', টি.টি. প্লেটফৰ্ম ৱেভযোগেও প্ৰচাৰিত হ'ব। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি দূৰদৰ্শনে এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 4K কেমেৰা আৰু আন আনুসংগিক...

January 24, 2025 7:47 PM January 24, 2025 7:47 PM

views 9

গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যোন শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত আজি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে। কর্মশালাত কেইবাজনো অভিজ্ঞ মৌ পালক আৰু আগ্ৰহী কৃষকে অংশগ্রহণ কৰিছে।

January 22, 2025 8:37 PM January 22, 2025 8:37 PM

views 18

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰ

নগাওঁ জিলাৰ ৰূপহীহাটৰ ভকতগাওঁ খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওতে এটা ৫ জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন তিনিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

January 22, 2025 8:28 PM January 22, 2025 8:28 PM

views 11

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।

January 22, 2025 8:04 PM January 22, 2025 8:04 PM

views 22

কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন

কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক'লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক'লকাতাৰ নন্দন, একতাৰা মুক্ত মঞ্চ আদি ছবিগৃহসমূহত প্ৰদৰ্শিত হ'ব।