February 7, 2025 8:39 PM February 7, 2025 8:39 PM

views 11

পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

২০১০-১১ বৰ্ষত পর্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গুৱাহাটীৰ পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায়। তদাৰকি কোষে নিযুক্তি কেলেংকাৰীৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধাপোছা কৰে। উল্লেখযোগ্য যে, ২০১০-১১ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত কেইবাগৰাকীও প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়া বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে।তদাৰকি কোষে এই সময়ছোৱাত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলকো তদন্তৰ...

January 31, 2025 3:45 PM January 31, 2025 3:45 PM

views 16

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আৰম্ভ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কার্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুর্মুৱে কয় যে কেন্দ্রীয় চৰকাৰে দেশ...

January 31, 2025 3:29 PM January 31, 2025 3:29 PM

views 12

পাঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত

পাঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্রাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্রাকখনত যাত্ৰা কৰা বহুকেইজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফদিকোটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

January 31, 2025 10:39 AM January 31, 2025 10:39 AM

views 20

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শ‍ইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অন...

January 30, 2025 4:26 PM January 30, 2025 4:26 PM

views 10

পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে বাসিন্দাসকলক স্থানান্তৰণৰ নিৰ্দেশ দক্ষিণ-পূব কর্তৃপক্ষৰ

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব কর্তৃপক্ষই পশ্চিম মেলবর্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলক স্থানান্তৰণৰ বাবে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে দেশখনৰ ভিক্টোৰিয়া প্ৰদেশৰ মেলবৰ্ণৰ পশ্চিম অংশত যোৱা সোমবাৰে বনজুইৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ভিক্টোৰিয়াৰ দুৰ্যোগকালীন সেৱাই অগ্নি নির্বাপিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত গ্রামপিয়ানছ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া চাৰিখন সৰু চহৰৰ বাসিন্দাক অন্য ঠাইলৈ স্থানান্তৰৰ নিৰ্দেশ জাৰি কৰে।

January 30, 2025 3:36 PM January 30, 2025 3:36 PM

views 9

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত নিশা ৯.৩০ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনব’ৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অ...

January 30, 2025 2:17 PM January 30, 2025 2:17 PM

views 6

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 30, 2025 10:58 AM January 30, 2025 10:58 AM

views 7

জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য

সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰই প্ৰতিবছৰে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ বাবে ভাৰতীয় সংগ্ৰামৰ প্ৰেৰণাৰ মূল উৎস আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৃত্যু বার্ষিক...

January 30, 2025 10:52 AM January 30, 2025 10:52 AM

views 8

পাঠশালাত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কালি অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে। কাইলৈ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে...

January 28, 2025 6:39 PM January 28, 2025 6:39 PM

views 12

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া এই জলপানিৰ উদ্দেশ্য হৈছে ভাৰতীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত গুণগত শিক্ষাৰ প্ৰসাৰ কৰা। এই জলপানিয়ে শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ শিক্ষাৰ ব্যয়, মাহেকীয়া ভৰনপোষণৰ ভাট্টা আৰু কিতাপ তথা অন্যান্য সামগ্ৰীৰ বাবে বার্ষিক অনুদান প্ৰদান কৰিব। তদুপৰি ভাৰতলৈ বিমান যাত্ৰাৰ ভাৰা, শৈক্ষিক ভ্ৰমণৰ অনুদান আৰু হোষ্টেলৰ সুবিধাও এ...