February 12, 2025 5:03 PM February 12, 2025 5:03 PM

views 8

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীত ৰাজ্যখনৰ ৮ হাজাৰতকৈ অধিক চাহ বাগিচাৰ শিল্পীয়ে অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। বিভিন্ন জিলাত ইতিমধ্যে শিল্পীসকলক বাছনি ক...

February 12, 2025 5:01 PM February 12, 2025 5:01 PM

views 9

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আ...

February 12, 2025 4:48 PM February 12, 2025 4:48 PM

views 11

মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খাতিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়।

February 12, 2025 4:46 PM February 12, 2025 4:46 PM

views 8

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবীদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দীনপঞ্জী অনুসৰি মৰ্ঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবীদাস জয়ন্তী পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে ৰবীদাস এগৰাকী মহান সন্ত আছিল আৰু তেওঁ নিজৰ লিখনিৰ মাজেৰে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল।

February 11, 2025 2:56 PM February 11, 2025 2:56 PM

views 18

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেছন, বিমান পৰিবহন, পর্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্রম সম্পর্কে আভাস দিয়া হ'ব। মেল...

February 11, 2025 11:16 AM February 11, 2025 11:16 AM

views 19

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে ৩ জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্রী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেকট্রনি...

February 10, 2025 11:16 AM February 10, 2025 11:16 AM

views 28

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

● আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদান কৰা হ'ব। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে ১ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো সুনিশ্চিত কৰিবলৈ পেলু নাশক ঔষধ খুওৱা হ'ব। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱাৰ আগত আৰু শৌচালয় ব...

February 10, 2025 11:01 AM February 10, 2025 11:01 AM

views 12

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপু...

February 10, 2025 10:50 AM February 10, 2025 10:50 AM

views 10

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক...

February 7, 2025 8:53 PM February 7, 2025 8:53 PM

views 13

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...