February 17, 2025 6:01 PM February 17, 2025 6:01 PM

views 12

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত আজি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন ১৩ মাইলৰ গৌতম দাস আৰু ৰিভয়ৰ বিৰু বড়ো বুলি জানিবলৈ পোৱা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৩৬.৫০ গ্রাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ টকা তথা ম'বাইল ফোন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। গোলাঘাট জিলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এই ব্যৱসায়ত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ ৩ নম্বৰ ৰে’ল গেটৰ স...

February 17, 2025 5:59 PM February 17, 2025 5:59 PM

views 7

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

February 14, 2025 9:10 PM February 14, 2025 9:10 PM

views 15

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ পৰা সংগ্রহিত যথেষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ বিচৰা হৈছে। অর্থনৈতিক অনিয়ম আৰু আন বহুকেইটা অভিযোগৰ বাবে শ্রীজৈনক তদাৰক কৰি থকা হৈছে।

February 14, 2025 9:06 PM February 14, 2025 9:06 PM

views 15

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব। এই মঞ্চই পেট্ৰ'লিয়াম, প্রাকৃ...

February 14, 2025 8:54 PM February 14, 2025 8:54 PM

views 3

চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব ...

February 14, 2025 8:50 PM February 14, 2025 8:50 PM

views 8

ৰাষ্ট্ৰপতি মুৰ্মুৰ কৰ্ণাটক ভ্ৰমণঃ দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটক ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুত দা আর্ট অব লিভিঙে আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্রসঙ্গত শ্ৰীমতী মুর্মুৱে কয় যে প্ৰযুক্তিৰ দিশত বৰ্তমান সময় আগুৱাই গৈছে, ইয়াৰ মাজতে আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহ জীয়াই ৰাখিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ঝাৰখণ্ডৰ ৰাঁছীত বি আই টি মেস্ৰাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত সম্বোধন কৰিব।

February 14, 2025 8:05 PM February 14, 2025 8:05 PM

views 13

এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। বৰপেটাত এটা দলীয় কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন পাতিবলৈ সাজু হৈ আছে। পৰীক্ষাৰ অন্ত হলেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

February 14, 2025 8:01 PM February 14, 2025 8:01 PM

views 17

ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদে সংবাদ মেল পাতি বিগত বছৰৰ দৰে এইবাৰো শিৱদৌলত শিৱৰাত্ৰী উদযাপনৰ দিহা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। শিৱদৌল উন্নয়ন পৰিষদে জনোৱা অনুসৰি শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন কৰা হ'ব। শিৱৰাত্ৰী উপলক্ষে আয়োজন কৰা মেলাত বিগত বছৰৰ দৰে এইবাৰো থলুৱা ব্যৱসায়ীৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৩০ মিনিটত পুজা আৰম্ভ হ'ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত শিৱৰাত্ৰীৰ পুজা সমাপ্ত হ'ব। দৌল পৰিষদে জন...

February 14, 2025 7:55 PM February 14, 2025 7:55 PM

views 2

হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমি পূজন অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগু উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধেমাজিৰ হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। লোক নিৰ্মাণ বিভাগৰ অধীন...

February 14, 2025 6:26 PM February 14, 2025 6:26 PM

views 10

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক-সাংবাদিক উপস্থিত থাকে।