April 23, 2025 7:51 PM

views 30

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই...

April 23, 2025 7:44 PM

views 23

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই পত্নী-পুত্ৰৰ সৈতে বেইচৰণ উপত্যকাত ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ-গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্রাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবেই পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি দেৱাশীষ ভট্টাচাৰ্যই আমাৰ শিলচ...

April 23, 2025 7:18 PM

views 50

JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ

অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান কৰি আহিছে। চলিত বৰ্ষত ডিব্ৰুগড় কেন্দ্ৰটোৰ পৰা JEE-ত অৱতীৰ্ণ হোৱা ৩০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮ গৰাকীয়ে উত্তীৰ্ণ হৈ কেন্দ্ৰটোৱে সুনাম কঢ়িয়াই আনিছে। এইবাৰ সফলতা লাভ কৰ...

April 23, 2025 6:58 PM

views 32

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে।...

April 23, 2025 6:55 PM

views 25

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শ‍ইকীয়াই পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক কাপুৰুষালী আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

April 23, 2025 6:40 PM

views 24

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া বড়ো ৰীতি-নীতিৰে সম্পন্ন

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূর্ণ বড়ো ৰীতি-নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ তৰফৰ পৰা শিল্পীগৰাকীয়ে শ্বাস-প্রশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি জানিব পৰা হৈছে। আজি পুৱাৰ ভাগত শিল্পীগৰাকীৰ নশ্বৰদেহ বাক্সাৰ লাওখাটা বাঘাজানীৰ বাসগৃহলৈ লৈ যোৱা হৈছিল। মৃত্যুৰ সময়ত ফেইলাও বসুমতাৰীৰ বয়স ৫৫ বছৰ আছিল। শিল্...

April 23, 2025 6:23 PM

views 33

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন

বৰপেটা জিলাত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে ছপাশালে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। জিলাখনত ইতিমধ্যে বেলট বাকচ বিতৰণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে।

April 23, 2025 6:15 PM

views 23

উচ্চ শিক্ষা বিভাগৰ অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ

মন্ত্রীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে কালি সমৰ্থ প'ৰ্টেলৰ মাধ্যমেৰে মানবিশিষ্ট কাৰ্য পৰিচালনা বিধি প্ৰকাশ কৰা হৈছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সহায়ক আৰু সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে।

April 23, 2025 6:13 PM

views 20

আজিৰে পৰা অনুষ্ঠিত বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন

বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিবেশনৰ প্ৰথম দিনা আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ২০২৫-২৬ বৰ্ষৰ বাবে পৰিষদৰ ৮৪৩ কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্রেন্ট বি টি আৰ অভিযানৰ পৰিকল্পনা বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে বাজেটত বহনক্ষম উন্নয়ন, সুশাসন আৰু সামাজিক সম্প্ৰীতিৰ মাধ্যমেৰে বড়োলেণ্ড আৰ্হিক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক পৰিক...

April 23, 2025 9:05 PM

views 16

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্রমণ বাতিল

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অসম ভ্রমণ বাতিল কৰা হৈছে। ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ২৫ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচীও পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অনিবার্য কাৰণবশত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে একেটা দিনতে ৰাষ্ট্ৰপত...