February 17, 2025 8:47 PM February 17, 2025 8:47 PM

views 9

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম।

February 17, 2025 8:41 PM February 17, 2025 8:41 PM

views 15

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...

February 17, 2025 8:36 PM February 17, 2025 8:36 PM

views 17

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে৷ একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দেশ্য পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এইধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়াই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ...

February 17, 2025 8:33 PM February 17, 2025 8:33 PM

views 19

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...

February 17, 2025 8:32 PM February 17, 2025 8:32 PM

views 15

দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য কৰে। শ্রীধনখড়ে কয়, যে বিকশিত ভাৰত এতিয়া কেৱল সপোনেই নহয় বৰঞ্চ এয়া আমাৰ লক্ষ্য। কৃষি আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে গ্রামীন অৰ্থব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে কৃষি...

February 17, 2025 8:07 PM February 17, 2025 8:07 PM

views 15

৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷

February 17, 2025 8:04 PM February 17, 2025 8:04 PM

views 13

বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ ...

February 17, 2025 6:16 PM February 17, 2025 6:16 PM

views 19

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্র সম্পর্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।

February 17, 2025 6:12 PM February 17, 2025 6:12 PM

views 18

দেশজুৰি কার্যকৰী ফাষ্টটেগৰ নতুন কৰ নীতি

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ'লে নতুবা টেগসমূহ নিশ্চিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ...

February 17, 2025 6:03 PM February 17, 2025 6:03 PM

views 12

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিনি লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই ধমধমা আৰক্ষীয়ে নিশাই পেট্ৰ’ল ডিপ’টোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।